BCCI কেনেদৰে পৰিচালিত হৈছে সেই বিষয়ে বহুলোকে নাজানে,সেয়ে যি ইচ্ছা তাকে কৈ ফুৰেঃ সৌৰভ গাংগুলী

866099 twitter 9

‘‘BCCI কেনেদৰে পৰিচালিত হয় সেই বিষয়ে বহুলোকে নাজানে আৰু আঘাতক অৱজ্ঞা কৰে সেইবাবে যি ইচ্ছা তাকে কৈ ফুৰে,’’ ৷ ৰোহিত শৰ্মাৰ আঘাতৰ প্ৰসংগত BCCI সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে এই মন্তব্য BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ।

ADVERTISEMENT

উল্লেখযোগ্য যে ফিটনেছৰ সমস্যাৰ বাবে ৰোহিত শৰ্মা ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাহিৰত থকাৰ পাছতো কিদৰে তেওঁ আই পি এলত অংশ ল’লে সেই সম্বন্ধে সৌৰভক সোধা এক প্ৰশ্নৰ উত্তৰত সৌৰভে ৰোহিত শৰ্মা এতিয়াও মাত্ৰ ৭০ শতাংশহে সুস্থ বুলি মন্তব্য কৰে ৷

লগতে সৌৰভ গাংগুলীয়ে কয় “এতিয়াও ৰোহিত মাত্ৰ ৭০ শতাংশ সুস্থ। এই বিষয়ে কিয় ৰোহিতক নোসোধা? সেইবাবে ৰোহিতক অষ্ট্ৰেলীয়াৰ বিৰুদ্ধে খেলিব লগীয়া এদিনীয়া আৰু টি-২০ দলত স্থান দিয়া হোৱা নাই ৷তেওঁক টেষ্ট দলত ৰখা হৈছে,’’৷

Exit mobile version