চতুৰ্থ বাৰৰ কাৰণে মুখ্যমন্ত্ৰী আসনত বহিব নীতিশ কুমাৰ

WhatsApp Image 2020 11 15 at 2.08.59 PM

আজি বিহাৰৰ মিত্ৰজোঁট সন্দৰ্ভত NDAৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নীতিশ কুমাৰক সৰ্বসন্মতিক্ৰমে NDAৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয়। ইপিনে নীতিশ কুমাৰ হ’ব বিহাৰৰ চতুৰ্থ সংখ্যক মুখ্যমন্ত্ৰী।নীতিশ কুমাৰৰ বাসগৃহত হোৱা এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও অংশ লয়।

আনহাতে নীতিশ কুমাৰক নেতা হিচাপে নিৰ্বাচিত কৰাৰ পাছত সকলো নেতা ৰাজভৱনৰ দিশে অগ্ৰসৰ হয়। ৰাজভৱনত নতুন চৰকাৰ গঠনৰ কাৰণে দাবী কৰিব ।ৰাজ্যপাল ফাগু চৌহানে নতুন চৰকাৰ গঠনৰ নীতিশ কুমাৰক আহ্বান কৰিব পাৰে। ইয়াৰ পাছতে হ’ব পাৰে শপতগ্ৰহণ ।অৱশ্যে মন্ত্ৰীপৰিষদত বিজেপি অথবা JDU ৰ মন্ত্ৰী বেছাকৈ হ’ব সেই বিষয়ে স্পষ্টকৈ জনোৱা হোৱা নাই।

উল্লেখযোগ্য যে NDAয়েই প্ৰথমতে নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছে ৷ বিজেপিয়ে স্পষ্টকৈ কৈছিল যে NDA হওক বা কোনো অন্য দলেই হওক মুখ্যমন্ত্ৰী কেৱল নীতিশ কুমাৰেই হ’ব।

Exit mobile version