দিল্লীত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ বিশেষ সিদ্ধান্ত

WhatsApp Image 2020 11 15 at 8.29.14 PM

দিল্লীত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণৰ ঘটনা ৷ কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে গৃহমন্ত্ৰী অমিত শ্বাহে এখন তাৎক্ষণিক বৈঠকৰ আহ্বান কৰে ৷ অমিত শ্বাহে আয়োজন কৰা ক’ভিড সম্পৰ্কীয় বৈঠকখনত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো উপস্থিত থাকে।

বৈঠকখনত ৰাজধানী দিল্লীত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যাৱতীয় প্ৰস্তুতি লোৱা হয়। তাৰ ভিতৰত অত্যাধিক ICU বিচনা,অক্সিজেন চিলিণ্ডাৰৰ লগতে ক’ভিডৰ সময়ত প্ৰয়োজনীয় স্বাস্থ্যকৰ্মীকে আদি কৰি সকলো যাৱতীয় ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। লগতে বৈঠকখনত গৃহমন্ত্ৰী অমিত শ্বাহে কৰ’নাৰ পৰীক্ষা দুগুণ কৰাৰ সন্দৰ্ভতো মন্তব্য কৰে।

ইপিনে বৈঠকৰ অন্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমাধ্যমৰ আগত সদৰী কৰে যে কেন্দ্ৰই প্ৰায় ৭৫০ খন বিচনাৰ লগতে ক’ভিড ৰোগীৰ কাৰণে ICU যোগান ধৰাৰ সন্দৰ্ভত মন্তব্য কৰে।

লগতে কেজৰিৱালে কয় যে চলিত বৰ্ষৰ ২০ অক্টোবৰৰ পৰা দিল্লীত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ অনুসৰি ICU বিচনাৰ সংখ্যা বৃদ্ধি পোৱা নাই। আৰু এদিনত ক’ভিড ১৯ ৰ পৰীক্ষা ১লাখ কৰাৰ সন্দৰ্ভতো মন্তব্য কৰে কেজৰিৱালে ।

উল্লেখযোগ্য যে দিল্লী উচ্চ ন্যায়ালয়ে ৩৩ খন ব্যক্তিগত চিকিৎসালয়ক ৮০ শতাংশ ভেণ্টিলেটৰযুক্ত আই চি ইউৰ বিচনা ক’ভিড ৰোগীসকলৰ বাবে সংৰক্ষণ কৰিবলৈ আদেশ দিয়ে ।

আনহাতে বিগত সময়ত দিল্লীত কৰ’নাৰ সংক্ৰমণৰ ঘটনা হ্ৰাস পাইছিল। কিন্তু ১১নৱেম্বৰত ৮,৫৯৩ জন নতুনকৈ আক্ৰান্ত হোৱাৰ ৰোগীৰে পুনৰ দিল্লীত কৰ’নাত সংক্ৰমণ উচ্চ হাৰলৈ বৃদ্ধি পায়।

Exit mobile version