আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পত্নী মেলানিয়া ট্ৰাম্পৰ স’তে লগ হৈ হুৱাইট হাউচত দেৱালীৰ উদ্দেশ্য বন্তি জ্বলায় । লগতে সকলোকে দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে ট্ৰাম্পে ।হুৱাইট হাউচৰ পৰা জাৰি কৰা এক পত্ৰিকাত ট্ৰাম্পে জনায় যে “দ্য ফাৰ্ষ্ট লেডীয়ে দেৱালীক শুভেচ্ছা জনাইছে ।লগতে সকলো লোককে দেৱালীৰ হিয়াভৰা শুভেচ্ছা জনাইছে।”
লগতে ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় ” আমেৰিকাৰ এখন বিচক্ষণতাৰে পৰিপূৰ্ণ দেশ ৷মোৰ আমাৰ প্ৰশাসনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তেওঁলোকে সমূহ আমেৰিকাবাসী ৰক্ষাৰ্থে বহু আগবাঢ়িছে। আমাৰ ৰাষ্ট্ৰই সকলো লোকক ধৰ্মীয় স্বাধীনতা প্ৰদান কৰিছে ।
“চলিত বৰ্ষত বিশেষ ক্ষণত আমাক প্ৰতিটো মূহুৰ্ততে সাহস দিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।ফাষ্ট লেডীয়ে সকলোৰে সুস্বাস্থ্য কামনা কৰিছে ।”এই মন্তব্য ট্ৰাম্পৰ ।উল্লেখযোগ্য যে বিগত সময়ত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ইতিমধ্যে ট্ৰাম্পে পৰাজয় বৰণ কৰিছে ।কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে জ’ বাইডেন ।অৱশ্যে এতিয়াও ট্ৰাম্পে বাইডেনৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ কৰা নাই ।