মেকুৰী সন্ধানহীন

WhatsApp Image 2020 11 15 at 4.52.45 PM

সেউজ বৰণৰ চকুৰ এটি মেকুৰীক বিচাৰি তল-ওপৰ হ’ল উত্তৰ প্ৰদেশৰ গোৰখপুৰ । অতিকৈ মৰমৰ পোহনীয়া মেকুৰীটোক বিচাৰি নাপাই অস্থিৰ হৈ পৰিল ইয়াৰ গৰাকী । দুখত কান্দি-কাটি লেবেজান হোৱা গৰাকীয়ে মেকুৰীটোক বিচাৰি নাপাই খোৱা-বোৱা বন্ধ কৰি দিলে । যোৱা বুধবাৰে নিশা গোৰখপুৰ ৰেল ষ্টেচনৰ পৰা মেকুৰীটো হঠাতে সন্ধানহীন হৈ পৰে ।

সকলো প্ৰচেষ্টা চলোৱা স্বত্ত্বেও সেউজ বৰণৰ চকুৰ মেকুৰীটোৰ সন্ধান পোৱা নগ’ল । বাধ্য হৈ গৰাকীয়ে এইবাৰ নগদ ধনৰ পুৰষ্কাৰ ঘোষণা কৰে । মেকুৰীটোক উভতাই আনি দিলে ১৫ হেজাৰ টকা দিয়া হ’ব বুলি জনায় দিয়া হয় । চৰ্ত এটাই – সেউজ বৰণৰ মৰমৰ মেকুৰীটোক আনি দিব লাগিব । মেকুৰীটোৰ গৰাকী কোনো এলা-পেছা লোক নহয় । কূটনৈতিক মহলত গুৰুত্বপূৰ্ণ স্থানত থকা এই মহিলাগৰাকীৰ নাম ইলা শৰ্মা । নেপালৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত । স্বামী ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেছী ।

মেকুৰীৰ সন্ধান বিচাৰি গোৰখপুৰত ৰাজহুৱা স্থানত প’ষ্টাৰ পৰ্যন্ত লগোৱা হয় । প’ষ্টাৰত দুবছৰ বয়সীয়া মেকুৰীটোৰ ছবিৰ লগতে শৰীৰৰ বৰ্ণনাও দিয়া হয় । গৰাকীয়ে জনোৱা অনুসৰি মেকুৰীটোৰ সেউজ বৰণৰ চকু দুটিয়ে অনাবিল আনন্দ প্ৰদান কৰিছিল । চকু দুটাত বাদামী ৰক্ষৰো সম্যক আভা আছে । এয়াই সন্ধানহীন হোৱা মেকুৰীটোৰ মূল বৈশিষ্ট ।

মেকুৰীটোৰ সন্ধানহীন হোৱাক লৈ বৰ্তমানলৈ অৱশ্যে কোনো গোচৰ পঞ্জীয়ন কৰা হোৱা নাই । ৰেল আৰক্ষীয়ে অৱশ্যে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সক্ৰিয় হৈ আছে । ৰেল ষ্টেচনটোৰ চুকে কোণেও মেকুৰীটো সন্ধানহীন হোৱাৰ প’ষ্টাৰ লগোৱা হৈছে । বুধবাৰে নিশা সন্ধানহীন হোৱাৰ সময়ত মেকুৰীটো গৰাকীৰ লগতে আছিল । ৰেলৰ অপেক্ষাত থকাৰ সময়তে গৰাকীৰ হাতৰ পৰা দৌৰ মাৰে মেকুৰীটোৱে । ইয়াৰ পাছত আৰু মেকুৰীটোক বিচাৰি পোৱা নগ’ল ।

ৰেল আৰক্ষীৰ পৰিদৰ্শক ব্ৰিজভান পাণ্ডেই জনোৱা অনুসৰি ৰেল ইঞ্জিনৰ শব্দত ভয় খাই মেকুৰীটোৱে দৌৰ মাৰে । প্ৰথমে মেকুৰীটোক বিচাৰি আনি দিয়াজনক ১১ হেজাৰ টকা দিয়া হ’ব বুলি ঘোষণা কৰা হৈছিল । প্ৰভাৱশালী দম্পতীৰ এই মৰমৰ পোহনীয়া মেকুৰীটোক বিচাৰি আৰক্ষী-প্ৰশাসন ব্যস্ত হৈ পৰিবলৈ বাধ্য হয়; কিন্তু ইমানৰ পাছতো সেউজ চকুৰ বিশেষ মেকুৰীটোৰ বৰ্তমানো সন্ধান লাভ কৰাটো সম্ভৱ হৈ উঠা নাই

Exit mobile version