অক্টোবৰলৈ অব্যৱহৃত ৭১৩ কোটি, কেন্দ্ৰৰ অতিৰিক্ত পুঁজি লাভত বাধা

Prime Minister Narendra Modi 170f3648543 large

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উন্নয়নমূলক কামৰ বাবে কেন্দ্রীয় চৰকাৰৰ সকলাে মন্ত্রণালয়ক আবণ্টিত ধনৰ ১০ শতাংশ পৃথককৈ ৰখাৰ নির্দেশ দিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে। সেই অনুসৰি বিভাগবােৰে নির্দিষ্ট পৰিমাণৰ পুঁজি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বাবে সংৰক্ষণ কৰি আহিছে। কিন্তু অসমে সেই অতিৰিক্ত পুঁজি লাভ কৰাক লৈ শেহতীয়াভাৱে জটিলতাৰ সৃষ্টি হৈছে।

কাৰণ সময়মতে প্রকল্প ৰূপায়ণ আৰু শ শ কোটি টকাৰ ব্যৱহাৰিক প্রমাণপত্র (ইউ চি) দাখিল কৰা হােৱা নাই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ফলস্বৰূপে প্রধানমন্ত্রী নির্দেশ হলেও বিভাগবােৰে শেহতীয়াকৈ বিষয়টোক লৈ যথেষ্ট আপত্তি দর্শাইছে।

উল্লেখ্য যে যােৱা ন নৱেম্বৰৰ পৰা ডেভেলপমেন্ট অৱ নর্থ ইষ্টার্ণ ৰিজিয়ন (ড’নাৰ) মন্ত্রণালয়ৰ অধীনত উত্তৰ- পূর্বাঞ্চলৰ ৰাজ্যসমূহ উন্নয়নৰ কাম-কাজ ৰূপায়ণৰ ধাৰাবাহিক পর্যালােচনা বৈঠক অনুষ্ঠিত হৈছে। অসমে সন্মুখীন হােৱা শেহতীয়া এই প্রত্যাহ্বানৰ ছবিখন উক্ত পর্যালােচনা বৈঠকতে পােহৰলৈ আহে। বৈঠকত দাখিল হােৱা তথ্য অনুসৰি যােৱা অক্টোবৰলৈ অসমে ড’নাৰ মন্ত্রণালয়ৰ জৰিয়তে লাভ কৰা ৭১৩ কোটি টকা ব্যয় কৰিব পৰা নাই। আনহাতে, ব্যৱহাৰিক প্রমাণপত্র দাখিল কৰিবলৈ আছে ২৩২ কোটি টকাৰ। পুঁজি লাভৰ ক্ষেত্ৰত অনিয়মীয়া প্রক্রিয়া চলিত বৰ্ষৰ প্ৰথমৰ পৰা আৰম্ভ হয়।

যাৰ বাবে যােৱা ফেব্ৰুৱাৰীত উত্তৰ-পূব পৰিষদৰ দ্বাৰা অনুষ্ঠিত ছাছটেইননেবল ডেভেলপমেন্ট গােল অৱ দ্য নর্থ ইষ্ট বিষয়ক আলােচনাৰ সময়ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কে’বাখনাে ৰাজ্যৰ অভিযােগ দাখিল কৰিছিল। দিছপুৰৰ সূত্রই জনােৱা মতে, সেই অভিযােগ লাভৰ পাছত ড’নাৰ মন্ত্রী ড° জিতেন্দ্র প্রসাদ সিঙে মন্ত্রণালয়বােৰৰ লগত বিষয়টো আলােচনা কৰে।

তেতিয়া মন্ত্রণালয়ে স্পষ্টভাৱে উত্তৰ দিয়ে যে অসমক মুখ্য কৰি কেইখনমান ৰাজ্যই পুঁজি ব্যয়ত দক্ষতা দেখুৱাব পৰা নাই। গতিকে কি যুক্তিত নির্দিষ্ট কেইখনমান ৰাজ্যৰ বাবে আবণ্টিত ধনৰ নির্দিষ্ট অংশ সংৰক্ষণ কৰিব? মন্ত্রণালয়বােৰৰ উত্তৰ চলিত পর্যালােচনা বৈঠকত দাখিল হয়। ৰাজ্যৰ মুখ্য সচিবসকলে ভাগ লােৱা বৈঠকত বিদ্যুৎ আৰু তথ্য প্রযুক্তি খণ্ডত অসমৰ দুদর্শাৰ বিষয়টো বিশেষভাৱে চর্চিত হয়।

Exit mobile version