বিশ্বব্যাপী কৰ’না ভাইৰাছ নিয়ন্ত্ৰণৰ পথ বহু দীঘলীয়া হ’ব : ট্ৰেডছ আধানম

WhatsApp Image 2020 11 16 at 12.22.17 PM

■ বিশ্ব স্বাস্থ্য সংস্থাই দেওবাৰে সপ্তাহটোৰ অভিলেখ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ দৈনিক আক্ৰান্তৰ তালিকা প্ৰকাশ কৰে।
■ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি শনিবাৰে ৬,৬০,৯০৫ টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে ।
■ ৬,৪৫,৪১০ টা সংক্ৰমণৰ ঘটনা শুক্ৰবাৰে । ইয়াৰ আগেয়ে ৭ নৱেম্বৰত দৈনিক আটাইতকৈ বেছি ৬,১৪,০১৩ জন আক্ৰান্ত হৈছিল।
■ শনিবাৰে আমেৰিকাত সৰ্বোচ্চ নতুনকৈ আক্ৰান্তৰ ঘটনা ২৬৯,২২৫ টা বুলি প্ৰকাশ পায় বিশ্ব স্বাস্থ্য সংস্থাৰ তালিকাত।
■ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মহামাৰীৰ আৰম্ভণিৰে পৰা এই পৰ্যন্ত মুঠ ৫৪,৩২৮,৭৫২ জন লোক কৰ’নাত আক্রান্ত হৈছে আৰু ১,৩১৮,২৭৮ জন লোকৰ মৃত্যু হৈছে।
■ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান নিৰ্দেশক ট্ৰেডছ আধানমে শুক্ৰবাৰে বিশ্বব্যাপী কৰ’না ভাইৰাছ নিয়ন্ত্ৰণৰ পথ বহু দীঘলীয়া হ’ব বুলি সতৰ্ক কৰি দিছিল।

Exit mobile version