শালবাৰীত সুলভ মূল্যৰ দোকানীৰ লুণ্ঠনৰাজ

119572 ration card pti

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বুনমাঝা গাঁৱত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে সৰব হৈ পৰিছে গ্ৰাহকসকল ৷ সুলভ মূল্যৰ দোকানীয়ে গ্ৰাহকৰ পৰা যেতিয়াই-তেতিয়াই যেনেকৈ ইচ্ছা হয় দাম বৃদ্ধি কৰি ধন আদায় কৰে ৷ আনহাতে, সামগ্ৰী সমূহৰ মূল্য গ্ৰাহকে জানিবলৈ চেষ্টা কৰিলে বেয়া আচৰণ কৰি ওভতাই পঠায় বুলি অভিযোগত প্ৰকাশ পাইছে ৷

আনহাতে সুলভ মূল্যৰ দোকানীয়ে গ্ৰাহকৰ ৰেচন কাৰ্ডত সামগ্ৰীৰ মূল্য নিলিখাকৈ নিজৰ ইচ্ছামতেই গ্ৰাহকসকলৰ পৰা মূল্য লৈ আহিছে ৷ এই সমগ্ৰ ঘটনাৰ বিষয়ে গুৱাহাটী যোগান বিভাগত অৱগত কৰাত বিষয়টো শালবাৰী মহকুমা বিভাগলৈ প্ৰেৰণ কৰে যদিও বৰ্তমানলৈ গ্ৰাহকে কোনো সঁহাৰি লাভ কৰা নাই বুলি জানিবলৈ দিয়ে৷ গ্ৰাহকে শালবাৰী বিভাগত যোগাযোগ কৰিলে তদন্তৰ কথা কয় যদিও বাস্তৱত গ্ৰাহকৰ এই অভিযোগ কেতিয়া তদন্ত হ’ব সেই তদন্তৰ আৱৰ্তত।

সেয়ে উক্ত বিষয়টোৰ সৈতে শালবাৰী বিভাগৰো লোক জড়িত থকাৰ সন্দেহ কৰিছে গ্ৰাহকে৷ গ্ৰাহক ৰাইজে অভিযোগ উত্থাপন কৰি সুলভ মূল্যৰ দোকানী বুনমাঝা গাঁৱৰ আব্দুল ছালাম আৰু নুৰুল হকৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷ বুনমাঝা গাঁৱৰ গ্ৰাহক হাছেন আলী ভূঞা, শমলা খাতুন, মৰ্জিনা খাতুন, হজৰত আলী আৰু খাইৰুণ নেছাই ইতিমধ্যে সংবাদমাধ্যমৰ আগত এই সংক্ৰান্তত অভিযোগ অনুসৰি কৰি আব্দুল ছালামৰ নামত থকা সুলভ মূল্যৰ দোকানখন বিগত দিনবোৰত প্ৰাক্তন বিপিএফ চেয়াৰমেন আফতাব হুছেইনে চলাই অহা বুলিও জানিবলৈ দিয়ে৷

Exit mobile version