ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সাংবাদিকসকললৈ শুভেচ্ছা জ্ঞাপন

unnamed 1

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ক’ভিড মহামাৰীৰ মাজতে আজি দেশৰ লগতে অসমতো উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷

১৯৬৬ চনৰ আজিৰ দিনটোতে দেশৰ সংবাদমাধ্যমৰ স্বচ্ছতা,নিৰপেক্ষতা আৰু সুৰক্ষাৰ লক্ষ্যৰে গঠন কৰা হৈছিল প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া। প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাৰ দিনটো প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাবে উদযাপন কৰি অহা হৈছে।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰযোগে সাংবাদিকসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কৰ’না অতিমাৰীৰ মাজতো সাংবাদিকসকলে নিষ্ঠাৰে কৰ্তব্য সমাপন কৰি যোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

Exit mobile version