আমেৰিকাত কৰ’নাৰ ভয়ংকৰ ৰূপ

Screenshot 57

কৰ’নাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰত । কৰ’নাৰ তৃতীয় প্ৰবাহত কঁপি উঠিছে বিশ্বৰ সৰ্বশক্তিমান দেশখন । প্ৰতিদিনেই ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে কৰ’না সংক্ৰমণ । দৈনিক সংক্ৰমিত হৈছে এক লাখতকৈও অধিক লোক । ফলত অতিকৈ উদ্বিগ্ন হৈ পৰিছে মাৰ্কিন প্ৰশাসন । দেশখনত এতিয়া লৈ এক কোটি ১০ লাখ ৩৫ হেজাৰ ৯২২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ।

এই তথ্যৰ দ্বাৰাই আমেৰিকাৰ বৰ্তমানৰ ভয়াৱহ পৰিস্থিতিৰ অনুধাৱন কৰিব পাৰি । যোৱা ১৪ জুলাইত মাৰ্কিন যুক্তৰাষ্ট্ৰত ৬৫,৯৯১ জন লোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছিল । ১৪ ছেপ্তেম্বৰৰ দিনটোত নতুন আক্ৰান্তৰ সংখ্যা হ্ৰাস পাই হৈছিলগৈ ৩৩,৮৪৫ জন । কিন্তু যোৱা ১৪ নৱেম্বৰৰ দিনা দেশখনত নতুনকৈ আক্ৰান্ত হয় এক লাখ ৬৮ হেজাৰ ৩৭৩ জন । কালি আক্ৰান্তৰ সংখ্যা এক লাখ ৩৯ হেজাৰ ৫২ জনলৈ হ্ৰাস পালেও বৰ্তমান সময়ত ইয়াক সকাহ বুলিব নোৱাৰি ।

মাৰ্কিন যুক্তৰাষ্ট্ৰত যোৱা ১১ দিন ধাৰাবাহিকভাৱে দৈনিক আক্ৰান্তৰ সংখ্যা এক লাখৰ ওপৰত আছে । আক্ৰান্ত বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে মৃত্যুৰ সংখ্যাও দৈনিক বৃদ্ধি পাই গৈ আছে । টেক্সাছ আৰু কেলিফ’ৰ্ণিয়াত অধিক সংখ্যক লোক কৰ’নাত আক্ৰান্ত হৈছে । মুঠ আক্ৰান্তৰ ১৯ শতাংশই এই দুখন প্ৰদেশৰ লোক । কৰ’নাৰ এই ভয়ংকৰ ৰূপত এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ ওপৰত পুনৰ ক’লা ছাঁ পৰাটো নিশ্চিত হৈছে । পৰিস্থিতি যিদৰে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাবলৈ ধৰিছে এনে স্থিতিত দেশখনৰ বহু কেইখন প্ৰদেশত প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ বাধা-নিষেধ আৰোপ কৰাটো জৰুৰী হৈ পৰিব ।

অৰ্থনীতিবিদ একাংশৰ মতে, মাৰ্কিন যুক্তৰাষ্ট্ৰই কিছু স্বাভাৱিক হ’বলৈ কমেও এটা বছৰৰ প্ৰয়োজন হ’ব । এতিয়া আমেৰিকাই কৰ’না আৰু অৰ্থনীতিৰ লগত সমান্তৰালভাৱে যুঁজ দিবলগীয়া হৈছে । এই দ্বৈত আক্ৰমণত দেশৰ অৱস্থা নাজল-নাথল হোৱাৰ দৰে হৈছে । জনছ হেপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি যোৱা দিনকেইটাৰ ভিতৰত শনিবাৰে আক্ৰান্তৰ সংখ্যা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি পায় । কালি এই সংখ্যা ১৯ শতাংশৰ ওচৰত আছিল ।

শুকুৰবাৰৰ নিশাৰ তথ্য অনুসৰি এদিনত দেশখনত ১৪০০ লোকৰ কৰ’নাত মৃত্যু হয় । এতিয়ালৈ মাৰ্কিন যুক্তৰাষ্ট্ৰত দুই লাখ ৪৫ হেজাৰ লোকৰ কৰ’নাত মৃত্যু হৈছে । যোৱা গ্ৰীষ্মত কৰ’নাৰ প্ৰভাৱ হ্ৰাস পোৱাত বিশ্বৰ অৰ্থনীতি কিছু স্বাভাৱিক অৱস্থালৈ আহিছিল; কিন্তু ইউৰোপ আৰু আমেৰিকাৰ উদ্বেগজনক পৰিস্থিতিৰ পাছত সকলো সলনি হৈ পৰিছে । বিশ্বৰ অৰ্থনীতিক এতিয়া কৰ’নাই নিয়ন্ত্ৰণ কৰিছে ।

কৰ’নাৰ দ্বিতীয় প্ৰবাহে সৰ্বশক্তিমান দেশখনক বিপৰ্যস্ত কৰি গৈছে বুলি ইতিমধ্যে অৰ্থনীতিবিদসকলে স্বীকাৰ কৰিছে । ইফালে, ইয়াৰ মাজতে ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ দেশখনত আৰম্ভ হোৱা বিতৰ্কৰ এতিয়াও অৱসান হোৱা নাই । ড’নাল্ড ট্ৰাম্পৰ বাহিনীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ ৰাজপথ উত্তাল কৰিবলৈ লৈছে ।এনে বিভিন্ন বিলাক কাৰণত দেশখনৰ পৰিস্থিতি ক্ৰমে অধিক জটিল হৈছে ।

Exit mobile version