কৰ’নাৰ হটস্পটলৈ পৰিণত হোৱা বজাৰসমূহক বন্ধ কৰিব কেজৰিৱাল চৰকাৰে

WhatsApp Image 2020 11 17 at 2.09.14 PM

দিল্লীত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ। সম্প্ৰতি কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লী চৰকাৰে লৈছে এক বিশেষ পদক্ষেপ। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মংগলবাৰে এক ডিজিটেল প্ৰেছ কনফাৰেন্সৰ দ্বাৰা কয় যে কৰ’নাত আক্ৰান্ত ৰোগী বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কিছুমান বিশেষ সিদ্ধান্ত লোৱা হয় ।

কেজৰিৱালে কয় ” কিছুদিন পূৰ্বে দিল্লীত কৰ’নাৰ স্থিতি সুস্থিৰ হৈছিল ।তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন অনুসৰি ৰাজহুৱা স্থানত ২০০ জন লোকৰ উপস্থিতিৰ অনুমতি দিয়া হৈছিল ।কিন্তু সম্প্ৰতি সেই সিদ্ধান্ত সলনি কৰি ৫০ জন কৰা হৈছে ।

লগতে কেজৰিৱালে একাংশ বজাৰ বন্ধ কৰাৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে ৷কেজৰিৱালে কয়” দেৱালীৰ সময়ত একাংশ বজাৰত নিয়ম পালন হোৱা নাই ।সেয়েহে কেজৰিৱালে কিছুদিনৰ কাৰণে কৰ’নাৰ হটস্পট হিচাপে পৰিগণিত হোৱা একাংশ বজাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে কেজৰিৱালে শেহতীয়াকৈ ৭৫০ খন ICU বিচনা দিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীবাসীক মাস্ক পৰিধান কৰিবলৈ,সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান কৰে ৷কাৰণ কৰ’নাই ধনী দুখীয়া বিচাৰ নকৰে ।

Exit mobile version