দীপাৱলীত ৰাজ্যত ২০২টা পথ দুর্ঘটনা, ৪৯টা অগ্নিকাণ্ড

2019 10 27t184131z 545713221 rc137326f400 rtrmadp 3 religion diwali custom 71872e161f7644faaf763ee49c678fbc97b53e48

কৰ’নাৰ প্রকোপত পূর্বৰ উৎসৱমুখৰ পৰিৱেশৰ পৰিৱর্তে কিছু সেমেকা পৰিৱেশত ৰাজ্যবাসীয়ে দুদিনীয়াকৈ উদযাপন কৰা দীপাৱলীৰ সময়ত ২০২টা পথ দুর্ঘটনা আৰু ৪৯ টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জৰুৰীকালীন ১০৮ এম্বুলেন্স সেৱা আৰু অগ্নিনির্বাপক বাহিনীয়ে সদৰী কৰা অনুসৰি এইবাৰ দীপাৱলীৰ দুটা দিনত কামৰূপ মহানগৰ জিলা আৰু তিনিচুকীয়া জিলাত সর্বাধিক ১৭ টাকৈ পথ দুর্ঘটনা সংঘটিত হােৱাৰ বিপৰীতে মহানগৰীত ফটকাৰ ফলত সর্বাধিক নটা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

উল্লেখ্য যে উৎসৱৰ বতৰৰ প্রথম দিনটোত ৰাজ্যৰ ২৬ স্থানত আৰু দেওবাৰে ২৩ স্থানত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ইয়াৰে ১৪ নৱেম্বৰৰ নিশা শিৱসাগৰৰ বেতবাৰী সংঘটিত অগ্নিকাণ্ডই আছিল সর্বাতােকৈ ভয়ংকৰ। এই অগ্নিকাণ্ডত এজন লােক নিহত আৰু আন এজন অগ্নিদগ্ধ হােৱাৰ সমান্তৰালভাৱে অন্য অগ্নিকাণ্ডসমূহত কিছু পৰিমাণে সম্পত্তিৰ ক্ষতি সাধন হােৱা বুলি সদৰী কৰিছে সংশ্লিষ্ট পক্ষই।

ইফালে, গুৱাহাটী মহানগৰীত প্রথম দিনটোত পাঁচটাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হােৱাৰ সমান্তৰালভাৱে দেওবাৰে দিনটোত পুনৰ চাৰিটা এনে ঘটনা সংঘটিত হয়। ফটকাৰ পৰা ওলােৱা ফিৰিঙতিৰ ফলতে লালগণেশৰ এটা উদ্যোগত, কাহিলীপাৰাত জাৱৰৰ দমত, ৰেলৱেৰ এক নম্বৰ উৰণীয়া সেতুৰ তলৰ জাৱৰৰ দ’মত আৰু ৰিহাবাৰীৰ এটা কার্যালয়ৰ ভিতৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হােৱা বুলি কয়।

ইফালে, দীপাৱলীৰ প্রথম দিনটোত ৰাজ্যৰ ৮৩টা আৰু দেওবাৰে দিনটোত ১১৯টা পথ দুর্ঘটনা সংঘটিত হয়। সংশ্লিষ্ট বিভাগে সদৰী কৰা অনুসৰি দুটা দিনত মহানগৰ আৰু তিনিচুকীয়া জিলাত ১১৭ টাকৈ, দৰং আৰু ধেমাজি জিলাত ১৫ টাকৈ, কাছাৰ আৰু শােণিতপুৰ জিলাত ১৩ টাকৈ, কামৰূপ গ্রাম্য, নগাঁৱত ১১ টাকৈ, ওদালগুৰিত ১০ টা, গােৱালপাৰা আৰু নলবাৰীত আঠটাকৈ, বৰপেটা, গােলাঘাট আৰু লখিমপুৰত সাতটাকৈ, যােৰহাট, কৰিমগঞ্জ আৰু মৰিগাঁও জিলাত ছটাকৈ, বাক্সা জিলাত পাঁচটা, বঙাইগাঁও, চিৰাঙত চাৰিটাকৈ, ডিব্ৰুগড়, হাইলাকান্দিত তিনিটাকৈ, ধুবুৰী, শিৱসাগৰত দুটাকৈ আৰু ডিমাহাচাও, কাৰ্বি আংলঙত এটাকৈ
পথ দুর্ঘটনা সংঘটিত হয়।

Exit mobile version