লাফিকুলৰ হত্যা ৰাজনৈতিক হত্যা,অনতি পলমে কেন্দ্ৰীয় গৃহমন্ত্ৰীক অনুৰোধ জনাই চিবিআই তদন্ত চাৰ্জশ্বিট দিয়াৰ অনুৰোধ জনামঃ হিমন্ত বিশ্ব শৰ্মা

2cf8e1c5 ca52 4c90 b417 bbc8c6ad4f5e

আজি চিৰাং জিলাৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ বাসুগাঁৱত বিজেপিৰ নিৰ্বাচনী সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে । মন্ত্ৰী ড° শৰ্মাই সভাত কয় যে “বিগত সময়ত বিপিএফ দলে অশেষ দুৰ্নীতি কৰিলে । আমাৰ সৈতে মিত্ৰতাত থাকিয়ে বিপিএফে এই দুৰ্নীতি কৰিলে । গতিকে আগলৈ যাতে দুৰ্নীতি কৰিব নোৱাৰে তাৰ বাবে আমি এইবাৰ নিজাববীয়াকৈ বিটিচিত আহিছো । কাৰো লগত মিত্ৰতা নকৰি আমি বিটিচি বাসীৰ সৈতে মিত্ৰতা কৰিছো ।

গতিকে ইয়াত মন্ত্ৰী চন্দন ব্ৰহ্মই আৰক্ষীৰ ভয় দেখুৱাই ৰাইজৰ ধন আত্মহাৎ কৰাৰ সময় ওকলিল । পুলিছে ৰাইজৰ টকাৰে দৰমহা লয় হাগ্ৰামা-চন্দনৰ ঘৰৰ টকাৰে নহয়। গতিকে ৰাইজ এতিয়াৰ পৰা কোনো ভয় নাই আমি বিজেপি দল আহি পাইছো ৷”

লগতে হিমন্তই কয় ” আমি সকলো ৰাইজক লগত লৈ জয় কৰিম৷ ১৫ ডিচেম্বৰত কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হ’ব । তাৰ পাছতে দুৰ্নীতিৰ পাহাৰ গঢ়া সকলো ভিচিডিচি ভঙ্গ হ’ব বুলি কয় মন্ত্ৰী হিমন্তই। বিগত ১৫ বছৰ সকলো ক্ষেত্ৰতে বিপিএফে দুৰ্নীতি কৰিলে । গতিকে এনে দলৰ সৈতে মিত্ৰতাৰ প্ৰশ্নই নুঠে । ৰাইজে ক্ষমা নকৰিব আমাক “৷

আনহাতে বিগত দিনত তেওঁলোক পৰিৱৰ্তন নহ’ল, এতিয়া ৰাইজে পৰিৱৰ্তন কৰিব বুলি কয় হিমন্তই। কংগ্ৰেছ দল আৰু আজমলৰ বিষয়ে কৈ লাভ নাই। পাকিস্তান জিন্দাবাদ দিলে আজমলক গ্ৰেপ্তাৰ নকৰি হিমন্তক গ্ৰেপ্তাৰৰ দাবী কৰিলে । এতিয়া উজনিৰ ভোটৰ প্ৰয়োজন নাই বুলি কৈছে৷ গতিকে ৱাজেদ আলীৰ কথাই প্ৰমান কৰে যে অসমীয়া তথা ভাৰতীয় সৈতে কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰে মন্ত্ৰী ড° শৰ্মাই ।

আনহাতে লাফিকুলৰ হত্যাৰ সন্দৰ্ভত মন্ত্ৰী ড° শৰ্মাই কয় “লাফিকুলৰ হত্যা ৰাজনৈতিক হত্যা । গতিকে বিটিচিত আৰু কোনো লোক ৰাজনৈতিক হত্যা হ’ব নালাগে । অহা ২০ তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক লগ পাম গতিকে অতি সোনকালে চিবিআইয়ে লাফিকুল হত্যাৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ আহ্বান কৰিম ৷”ইপিনে

ইপিনে ইউপিপিএল সেইটো কি নাজানে মন্ত্ৰী হিমন্তই । প্ৰমোদ বড়োকো চিনি নাপায় মন্ত্ৰী জনে । তেওঁ মাথো জানে বিটিচিত বিজেপিৰ চৰকাৰ হ’ব।

সভাত ৰাজ্যিক  বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় ” দুৰ্নীতিগ্ৰস্ত বিপিএফৰে আমাৰ কোনো সম্পৰ্ক নাই। বিপিএফ বিজেপিৰ মিত্ৰ দল নহয়। অসম চৰকাৰৰহে মিত্ৰ দল। গতিকে অহা বিধান সভাৰ নিৰ্বাচনতো বিপিএফৰ সৈতে কোনো মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিয়ে ৰাজ্যিক সভাপতি জনে।” মই তিনিবছৰ আগৰ পৰাই কৈ আছিলো বিপিএফৰে মিত্ৰতা কৰিব নালাগে ।কাৰণ বিগত সময়ত আমাক মিছা তথ্য দিছিল বিপিএফে৷ গতিকে এনে দুৰ্নীতিগ্ৰস্ত দলৰ সৈতে মিত্ৰতা নহয় । বিপিএফৰ বিৰুদ্ধে বহু দুৰ্ণীতিৰ গোচৰ আছে । আমি সকলো গোচৰৰ তদন্ত কৰিম৷” এই মন্তব্য ৰঞ্জিত দাসৰ ৷

Exit mobile version