কেপটাউনৰ উপকূলত দৈত্যকায় স্কুইড

Giant Squid 2

সাধাৰণতে শিহৰণকাৰী গল্পৰ কিতাপৰ পৃষ্ঠাত এনে ধৰণৰ ছবি দেখিবলৈ পোৱা যায় । কেতিয়াবা টিভিৰ পৰ্দাতো দেখিবলৈ পোৱা যায়; কিন্তু সাগৰৰ পাৰত দৌৰিবলৈ গৈ চকুৰ সন্মুখতে দেখিবলৈ পোৱাটো অতিকৈ বিৰল ঘটনা । তেনে এক বিৰল ঘটনাই হ’ল দক্ষিণ আফ্ৰিকাৰ কেপটাউনত । সাগৰৰ উপকূলত দেখিবলৈ পোৱা গ’ল এটি দৈত্যকায় ‘স্কুইড’ ।

ইয়াৰ পাছত এজন মানুহৰ বাবে আৰু ভয়ানক একো হ’ব নোৱাৰে । অৱশ্যে এনেদৰে কিছু সময় পাৰ কৰাৰ পাছত লোকজনে নিজকে স্থিৰ কৰি ম’বাইল ফোনৰ কেমেৰাত বন্দী কৰে ধূসৰ গোলাপী ৰঙৰ স্কুইডটোক । সাগৰীয় প্ৰাণীৰ খাদ্যৰ তালিকাত স্কুইড এক লোভনীয় আহাৰ; কিন্তু খাদ্য হিচাপে গ্ৰহণ কৰা স্কুইডৰ লগত এই দৈত্যকায় স্কুইডটোৰ সাদৃশ্য নাই । সাগৰৰ পাৰৰ প্ৰায়বিলাক খাদ্যৰ দোকানতে সৰু আকাৰৰ স্কুইডবিলাকক আকৰ্ষণীয়ভাৱে পৰিবেশন কৰা হয় ।

পৰ্যটকসকলৰ বাবে ই অতিকৈ আকৰ্ষণীয় তথা সুস্বাদু খাদ্য । কিন্তু শীতৰ বতৰত দক্ষিণ আফ্ৰিকাৰ সাগৰৰ পাৰত এনে এটা ভয়ংকৰ জলজ প্ৰাণীক দেখাৰ পাছত স্কুইডৰ সুৱাদ পাহৰি যোৱাৰ উপক্ৰম হ’ব সকলোৰে । কেপটাউনত দেখিবলৈ পোৱা স্কুইডটোৰ সবাতোকৈ দীঘল শুৰডালৰ দৈৰ্ঘ্য ১৪ ফুটতকৈও অধিক । এই শুৰডালেৰেই নিজৰ ফালে টানি আনে চিকাৰ ।

তদুপৰি শৰীৰৰ গোলাপী ৰঙেৰে চিকাৰক আকৰ্ষণ কৰে । এনে আকৰ্ষণত বহু সময়ত মানুহো বন্দী হৈ পৰে । প্ৰাণী বিজ্ঞানী অৱেন ফ্লোৰেন্স কেপটাউইনৰ স্কুইডটোক দেখাৰ পাছত কয়, ‘এনে দৈত্যকায় স্কুইডৰ বয়স একৰ পৰা ডেৰ বছৰ হয় । সেই হিচাপত শিশু বুলিয়ে ক’ব পাৰি । খাদ্যৰ সন্ধানতে আহি এনেদৰে স্কুইডটো উপকূললৈ অহাৰ সন্দেহ কৰা হৈছে ।

স্কুইডে অতীতৰে পৰা নিজক ৰক্ষা কৰিবলৈ সক্ষম হৈছে । কে’বাশ কোটি বছৰ ধৰি পৃথিৱীৰ বিৱৰ্তনৰ লগত যুদ্ধ কৰি নিজৰ প্ৰজাতিক ৰক্ষা কৰিবলৈ সক্ষম হৈছে স্কুইডে ।’ এনে ধৰণৰ জলজ প্ৰাণীৰ ওপৰত সবাতোকৈ অধিক গৱেষণা হয় দক্ষিণ আফ্ৰিকাতেই । দেশখনৰ উপকূলত স্কুইডৰ বাহিৰেও অন্যান্য মেৰুদণ্ড নথকা প্ৰাণী অধিক হাৰত পোৱা যায় ।

সেয়েহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দক্ষিণ আফ্ৰিকালৈ অধিক হাৰত প্ৰাণী বিজ্ঞানীৰো আগমন হয় । অৱশ্যে চলিত বৰ্ষত কৰ’না সংক্ৰমণৰ আশংকাত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ থকাত পূৰ্বৰ দৰে প্ৰাণী বিজ্ঞানীৰ আগমন হোৱা নাই । এনে কাৰণত দৈতৰ দৰে স্কুইডটোৰ ছবি দেখাৰ পাছতো আহিব নোৱাৰা প্ৰাণী বিজ্ঞানীসকলে আক্ষেপ প্ৰকাশ কৰিছে ।

Exit mobile version