ঘৰত থাকিয়ে আধা ঘণ্টাত ক’ভিড টেষ্ট

200330 coronavirus test kit ew 1232p cec26a7ea8c6a85166aab30c126eecde.nbcnews fp 1200 630

ক’ভিডত আক্ৰান্ত হৈছে নেকি জানিবলৈ এতিয়া আৰু চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন নাই । ঘৰত থাকিয়ে চেল্ফ-টেষ্টিং কিটৰ সহায়ত কৰিব পাৰিব ক’বিড পৰীক্ষা । ইয়াৰ লগে লগে আধা ঘণ্টাৰ ভিতৰতে পাব ক’ভিডৰ ফলাফল । প্ৰথমবাৰৰ বাবে আমেৰিকাৰ নাগৰিকসকলৰ ঘৰে ঘৰে দেখিবলৈ পোৱা যাব এই কিট ।

ক’ভিড কিট-টোৱে মঙ্গলবাৰে আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন(এফডিএ)ৰ দ্বাৰা অনুমোদন লাভ কৰিলে । আনহাতে এই কিট টো তৈয়াৰ কৰিছে ‘লুচিৰা হেল্থ’ নামৰ এক বেচৰকাৰী সংস্থাই ৷

এফডিএ-ৰ জনোৱা তথ্য অনুসৰি, ‘১৪ৰ উৰ্দ্ধৰ লোকসকলৰ চেল্ফ-টেষ্টিং কিটৰ সহায়ত স্বাবৰ নমুনা পৰীক্ষা কৰিয়ে ফলাফল পোৱা যাব । ঘৰত থাকিয়ে যাতে ক’ভিডত আক্ৰান্ত হৈছে নেকি জানিব পাৰি সেয়েহে চেল্ফ-টেষ্টিং কিটক অনুমোদিত কৰা হৈছে । এই কিট কেৱল এবাৰহে ব্যৱহাৰ কৰিব পাৰিব । ইপিনে,আমেৰিকাত কৰ’না আক্ৰান্তৰ সংখ্যা অধিক হাৰত বৃদ্ধি পাইছে । এসপ্তাহ আগত মুঠ আক্ৰান্তৰ সংখ্যা আছিল এক কোটি । বুধবাৰে সেই সংখ্যা এক কোটি ১০ লাখলৈ বৃদ্ধি পায় । এফডিএ-ৰ কমিচনাৰ ষ্টিফেন হানে কয়, ‘আমেৰিকাত ঘৰত গৈ পৰীক্ষা কৰাৰ অনুমোদন আগতেই দিয়া হৈছিল । কিন্তু এইবাৰেই প্ৰথম বাৰৰ বাবে ঘৰত থাকিয়ে ক’ভিড পৰীক্ষা কৰিব পাৰিব আৰু আধা ঘণ্টাৰ ভিতৰতে ফলাফলো লাভ কৰিব।’

এফডিএ-ই জনায়, হাস্পতালটো এই কিটৰ ব্যৱহাৰ কৰা হ’ব । ১৪ বছৰৰ অনুৰ্দ্ধৰসকলৰ বাবে স্বস্থ্যকৰ্মীৰ সহায় লোৱা উচিত । আনহাতে, একাংশ বিশেষজ্ঞৰ অনুসৰি, ‘সম্প্ৰতি দুখন ঔষধ সংস্থা ‘মডৰ্ণা’ আৰু ‘ফাইজা’ৰ ঘোষণাই আমেৰিকাৰ নাগৰিকসকলৰ মনত আশা জগালেও পৰীক্ষাত কিছু ত্ৰুতি ৰৈ গৈছে । এই কিটে সেই ত্ৰুতি অনতি পলমেই দূৰ কৰিব বুলি জনায় ।

এফডিএ-ৰ চেণ্টাৰ ফৰ ডিভাইচেছ এণ্ড ৰেডিঅ’লজিকেল হেল্থৰ অধিকৰ্তা জেফ সুৰেনে কয়, ‘ঘৰত থাকি ক’ভিড পৰীক্ষা কৰিব পৰা নতুন নতুন কিটৰ ওপৰতেই গুৰুত্ব আৰোপ কৰা হ’ব । যাৰ ফলত পৰীক্ষণৰ সংখ্যাও বৃদ্ধি পাব ।’

Exit mobile version