ছাত্ৰ নেতা লাফিকুল হত্যাকাণ্ডৰ তদন্ত লৈ মন্ত্ৰী হিমন্ত বিশ্বই নিকৃষ্ট ৰাজনীতি কৰিছে:ৰেজাউল কৰিম চৰকাৰ

FB IMG 1605698047837

ছাত্ৰ নেতা লাফিল হত্যাকাণ্ড লৈ লাফিকুলৰ পৰিয়ালৰ লগতে অসম তথা বিটিচিৰ সংখ্যালঘু লোকসকলৰ মাজত শোক মাৰ যোৱাই নাই। কোকৰাঝাৰত দিন দুপৰতে যি নিৰ্মম হত্যাকাণ্ড সংঘটিত হৈছিল সেয়া কোনেও পাহৰিব পৰা নাই। তেনে এক সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে তাক তীব্ৰ গৰিহণা জনায় আমছুৰ সভাপতি ৰেজাইল কৰিম চৰকাৰে।

হিমন্তই ইমান তললৈ নামি নিম্ন খাপৰ ৰাজনীতি কৰিব বুলি কোনেও ভবা নাছিল বুলি মন্তব্য কৰে ৰেজাউল কৰিম চৰকাৰে ৷ লগতে ৰেজাউলে কয় ” লাফিকুলৰ পৰিয়ালে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল যে চৰকাৰে তদন্ত কৰি হত্যাকাৰীক চিনাক্ত কৰি শাস্তিৰ ব্যৱস্থা কৰিব ৷

তাৰ পাছত তেওঁলোকে কিছু হ’লেও মনত শান্তি পাব। ঠিক তেনে সময়ত হিমন্তই নিৰ্বাচনী প্ৰচাৰত আহি ক’লে” বিটিচিত বিজেপিৰ চৰকাৰ হ’লে লাফিকুলৰ হত্যাকাৰীৰ শাস্তিৰ ব্যৱস্থা কৰিব। চিবিআইয়ে চিনাক্ত কৰিছে গতিকে শাস্তি পাব হত্যাকাৰীয়ে। লগতে আমছু নেতাজনে হিমন্তক ওভতি ধৰি কয় যে যদি চিবিআইয়ে হত্যাকাৰীক চিনাক্ত কৰিছে তেন্তে গ্ৰেপ্তাৰ কিয় কৰা নাই ? তাৰ মানে বুজা গৈছে যে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে হত্যাকাৰী সকলক সুৰক্ষা দিছে সেয়া আজি স্পষ্ট। হিমন্তই লাফিকুল হত্যাকাৰীক সুৰক্ষা দিছে বুলিও অভিযোগ কৰে আমছুৰ সভাপতিজনে। নিৰ্বাচনী প্ৰচাৰত হিমন্তই কৈছে জয় লাভ কৰাৰ পাছত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব ৷

সেয়ে আমছুৰ সভাপতি জনে হিমন্তক প্ৰত্যাহ্বান জনাই কয় যে নিৰ্বাচনৰ পাছত কিয় ? নিৰ্বাচনৰ আগতে চিনাক্ত কৰক হত্যাকাৰীক । যিহেতু আপোনালোকে জানে যে হত্যাকাৰী কোন,চিবিআইয়ে গম পায় গতিকে নিৰ্বাচনৰ পূৰ্বতে ৰাজহুৱা কৰক লাফিকুল হত্যাকাৰীক । অন্তত লাফিকুলৰ পৰিয়ালে অকমান শান্তি পাব। আমি পূৰ্বৰ পৰাই অভিযোগ কৰি আছিলো এইয়া ৰাজনৈতিক হত্যাকাণ্ড।

আমি তেতিয়াই আৰক্ষী অধীক্ষকজনক আৰু নিলম্বনৰ দাবী কৰিছিলো । কিন্তু নিলম্বন দুৰৰ কথা তাৰ চকীখনেই হিলাব নোৱাৰিলে । তেনে এখন চৰকাৰেই এতিয়া লাফিকুল হত্যাকাৰীক চিনাক্ত কৰাৰ কথা কৈছে । গতিকে এনে ধৰণৰ নিকৃষ্ট ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনায় ৰেজাউল কৰিম চৰকাৰে।

মন্ত্ৰী হিমন্ত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰত্যাহ্বান জনাই কয় যে যদি চৰকাৰী ভাৱে লাফিকুলক হত্যা কৰা হোৱা নাই আৰু যদি এই বিষয়ে তথ্য আছে তেন্তে নিৰ্বাচনৰ আগতে ইয়াক ৰাজহুৱা কৰাৰ ব্যৱস্থা কৰক । অন্যথা ইয়াৰ পৰিণাম বিজেপি দল আৰু চৰকাৰে ভোগ কৰিব লাগিব। এই বিষয়ে আন্দোলন চলিব অবিৰতভাৱে৷ ইপিনে হিমন্ত বিশ্ব এজন চতুৰ ৰাজনীতিবিদ বুলি মন্তব্য কৰে ৰেজাউল কৰিম চৰকাৰে৷

লাফিকুল ইচলাম সংখ্যালঘুৰ আৱেগ, কাৰণ লাফিকুলৰ হত্যাকাণ্ড কোনেও পাহৰিব পৰা নাই ৷ তেনে সময়তে হিমন্তই যি নিকৃষ্ট ৰাজনীতি কৰি আছে তাৰ পৰা প্ৰমানিত হয় যে হিমন্তৰ দৰে নিকৃষ্ট ৰাজনীতিবিদ বিশ্বৰ ক’তো নোলাব বুলিও কয় ৰেজাউল কৰিম চৰকাৰে ৷ লগতে নিৰ্বাচনৰ আগতে লাফিকুলৰ হত্যাকাৰীক ৰাজহুৱা নকৰিলে ইয়াৰ প্ৰত্যুত্তৰ অসমৰ সংখ্যালঘুসকলে নিৰ্বাচনত দিব বুলিও কয় আমছুৰ সভাপতি ৰেজাউল চৰকাৰে।

সদৌ বিটিচি সংখ‍্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সভাপতি লাফিকুল ইচলামৰ হত‍্যাকাণ্ডৰ তিনিবছৰ পাছত এতিয়া মন্ত্ৰী হিমন্তই নিৰ্বাচনী প্ৰচাৰত এনেধৰণৰ মন্তব্যত ক্ষোভিত হৈছে সংগঠনটো। যোৱা ২০১৭ চনৰ এক আগষ্টত দিন দুপৰতে কোকৰাঝাৰ চহৰৰ মাজ মজিয়াত দুৰ্বৃত্তই গুলিয়াই হত‍্যা কৰিছিল ছাত্ৰ নেতা লাফিকুল ইচলামক।

হত‍্যাকাণ্ডৰ পিচতে চৰকাৰে তদন্তৰ নামত এচ আই টি গঠন, চিআইডি তাৰপিচত চিবিআইক তদন্তৰ দায়িত্ব দিয়ো বিগত তিনিটা বছৰে প্ৰতিবেদন ৰাজহুৱা নকৰিলে । কিন্ত তিনিটা বছৰে এই ক্ষেত্ৰত নিৰৱতা অৱলম্বন কৰা এইজন মন্ত্ৰী হিমন্তই লাফিকুল হত‍্যাৰ বিষয় লৈ ৰাজনীতি কৰিছে । ইয়াক কোনো স‌খ‍্যালঘু লোকে সহ‍্য নকৰে বুলি আমছুৰ লগতে বিভিন্ন সংখ‍্যালঘু দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Exit mobile version