দেশৰ সৰ্বোৎকৃষ্ট লিংগ অনুপাতৰ ৰাজ্যৰূপে পৰিগণিত অৰুণাচল

kisspng clip art openclipart world population image start the week strong rule of five 5b6e182de8ad51.6661249615339418059531

দেশৰ ভিতৰত লিংগ অনুপাতৰ ক্ষেত্ৰত উৎকৃষ্ট আৰু শােচনীয় প্রদর্শনৰ দুয়ােখন ৰাজ্যই উত্তৰ-পূর্বাঞ্চলৰ। কিয়নাে ২০১৮ৰ প্রতিবেদন অনুসৰি দেশৰ ভিতৰতে সর্বোৎকৃষ্ট লিংগ সমতাযুক্ত ৰাজ্যৰূপে স্থান লাভ কৰিছে অৰুণাচল প্রদেশে। ইয়াৰ বিপৰীতে শােচনীয় স্থান লাভ কৰিছে মণিপুৰে। প্রতি হেজাৰজন পুৰুষ শিশুৰ বিপৰীতে জন্ম লাভ কৰা কন্যা শিশুৰ অনুপাতৰ ভিত্তিত এই স্থান নির্ণয় কৰা হয়।

অসামৰিক পঞ্জীয়ন ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ২০১৮ৰ প্রতিবেদন প্রকাশ কৰা পৰিসংখ্যা অনুসৰি অৰুণাচলত প্রতি হেজাৰজন পুৰুষ শিশুৰ বিপৰীতে ১,০৮৪ গৰাকী কন্যা শিশুৰ জন্ম হৈছে। ইয়াৰ পাছতে আছে ক্রমে নগালেণ্ড (প্রতি হেজাৰ পুৰুষৰ বিপৰীতে ৯৬৫ গৰাকী মহিলা), মিজোৰাম (প্রতি হেজাৰ পুৰুষৰ বিপৰীতে ৯৬৪ গৰাকী মহিলা), কেৰেলা (প্রতি হেজাৰ পুৰুষৰ বিপৰীতে ৯৬৩ গৰাকী মহিলা) আৰু কর্ণাটক (প্রতি হেজাৰ পুৰুষৰ বিপৰীতে ৯৫৭ গৰাকী মহিলা)।

শােচনীয় পৰিসংখ্যা প্রকাশিত হােৱা ৰাজ্যকেইখন ক্রমে মণিপুৰ (প্রতি হেজাৰ পুৰুষৰ বিপৰীতে ৭৫৭ গৰাকী মহিলা), লক্ষ্যদ্বীপ (প্রতি হেজাৰ পুৰুষৰ বিপৰীতে ৮৩৯ গৰাকী মহিলা), ডমন আৰু ডিউ (প্রতি হেজাৰ পুৰুষৰ বিপৰীতে ৮৭৭ গৰাকী মহিলা), পঞ্জাৱ (প্রতি হেজাৰ পুৰুষৰ বিপৰীতে ৮৯৬ গৰাকী মহিলা) আৰু গুজৰাট (প্রতি হেজাৰ পুৰুষৰ বিপৰীতে ৮৯৬ গৰাকী মহিলা)। ইপিনে, দেশৰ ৰাজধানী দিল্লীত এই লিংগ অনুপাত হৈছে ৯২৯, হাৰিয়ানাত ৯১৪ আৰু জম্মু-কাশ্মীৰত ৯৫২।

উত্তৰ- পূর্বাঞ্চলৰ আন ৰাজ্যসমূহৰ ভিতৰত এই লিংগ অনুপাতৰ হাৰ অসমৰ ক্ষেত্ৰত প্ৰতি এহেজাৰজন পুৰুষৰ বিপৰীতে ৯০৪গৰাকী মহিলা, ত্রিপুৰাৰ ক্ষেত্ৰত প্ৰতি হেজাৰজন পুৰুষৰ বিপৰীতে ৯৪৫ মহিলা আৰু মেঘালয়ৰ ক্ষেত্ৰত এই অনুপাত হৈছে ৯৪২গৰাকী । দেশৰ মহাপঞ্জীয়কে প্রকাশ কৰা প্রতিবেদনখনত কোৱা হৈছে যে ৩০খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে যােগান ধৰা তথ্যৰ ভিত্তিত এই হাৰ নির্ণয় কৰা হৈছে। ‘ছখন ৰাজ্যক্রমে বিহাৰ, ঝাৰখণ্ড, মহাৰাষ্ট্র, ছিকিম, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ পৰা প্রয়ােজনীয় তথ্য লাভ কৰা হােৱা নাই।

এইদৰে প্রতিবেদনত উল্লেখ কৰা হৈছে। মন কৰিবলগীয়া যে জন্ম অথবা মৃত্যুৰ পাছত পঞ্জীয়নৰ বাবে নির্ধাৰিত সময়সীমা হৈছে ২১ দিন। কিছুমান ৰাজ্যত দেখা যায় যে জন্ম-মৃত্যুৰ আনকি এবছৰৰ পাছতাে এনে পঞ্জীয়ন কৰা হয়। ২১জনৰ ভিতৰত সংগ্রহ কৰিলে সংশ্লিষ্ট পঞ্জীয়কে জন্ম অথবা মৃত্যুৰ প্রমাণপত্র বিনামূলীয়াকৈ যােগান ধৰে।

২১ৰ পৰা ৩০ দিনৰ ভিতৰত এই বিষয়ে অৱগত কৰিলে নির্ধাৰিত মাচুল জমা দি পঞ্জীয়ন কৰিব পাৰি। যদিহে এই সময়সীমা ৩০ দিনৰ অধিক হয় অথচ এবছৰতকৈ কম হয়, তেন্তে নির্ধাৰিত কর্তৃপক্ষৰ পৰা লিখিত অনুমতি সংগ্রহ কৰিহে ইয়াৰ পঞ্জীয়ন কৰিব পাৰি। তাৰ বাবে নটাৰী অথবা ৰাজ্য চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া নির্দিষ্ট বিষয়াক শপতনামা দাখিল কৰাৰ লগতে মাচুল আদায় দিব লাগে। প্রতিবেদনত কোৱা হৈছে যে জন্ম-মৃত্যুৰ ঘটনাৰ এবছৰৰ পাছত সদৰী কৰিলে সকলাে তথ্যৰ সত্যাসত্য পুনৰীক্ষণ তথা নির্ধাৰিত পুঁজি আদায় দি প্ৰথম শ্ৰেণীৰ দণ্ডাধীশৰ নির্দেৰ্শৰ ভিত্তিতহে পঞ্জীয়ন কৰিব পাৰে।

Exit mobile version