এগৰাকী বেংক বিষয়াৰ আত্মহত্যাক লৈ নগাঁৱত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। মণিপুৰৰ যুৱক তথা ভাৰতীয় ষ্টেট বেংকৰ নগাঁৱৰ খুটিকটীয়া শাখা বিষয়া খুন্দৰাকপম জয় কুমাৰ সিঙৰ মঙলবাৰে নিশা মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ৷
ADVERTISEMENT
মঙলবাৰে নিশা নগাঁৱৰ খুঁটিকটীয়াৰ ভাড়াঘৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় বেংক বিষয়াগৰাকীৰ মৃতদেহ। নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বেংক বিষয়াগৰাকীৰ মৃত্যুৰ স্পষ্ট কাৰণ পোহৰলৈ অহা নাই যদিও প্ৰেমত বিফল হোৱাৰ বাবেই আত্মহত্যা কৰাৰ সন্দেহ কৰিছে বেংক কৰ্তৃপক্ষই।
কিছুদিন পূৰ্বে আত্মহত্যা কৰা বেংক বিষয়াগৰাকীয়ে তেওঁ প্ৰেম প্ৰতাৰণাৰ বলি হোৱাৰ কথা প্ৰৱন্ধকৰ আগত স্বীকাৰ কৰা বুলি উল্লেখ কৰিছে বেংক প্ৰৱন্ধকগৰাকীয়ে।