পুনৰ চৰকাৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

rahul gandhi rep 8 1598194820

সততে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে চলিত চৰকাৰক যিকোনো বিষয়ত কটাক্ষ কৰিবলৈ নাপাহৰে ৷এইবাৰ পুনৰ দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ প্ৰসংগত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ উঠিছে।

ADVERTISEMENT

আজি গান্ধীয়ে টুইটাৰ যোগে কয় যে দেশৰ আৰ্থিক স্থিতিৰ দুৰৱস্থা দেখি এইটো বুজি পোৱা নাই যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ বিকাশ হৈছে নে ধ্বংস হৈছে।

লগতে ৰাহুলে টুইটযোগে কয় যে প্ৰথমৰ পৰাই দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা GDP নিম্নগামী আৰু নিবনুৱা সমস্যা চৰম পৰ্যায়ত আছে আৰু এতিয়া আকাশলংঘী মূল্যবৃদ্ধিৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈছে। ইপিনে বেংকবোৰ সমস্যাত পৰিছে আৰু মানুহৰ ধন বেংকত আৱদ্ধ হৈ আছে ৷ বিজেপি চৰকাৰক সমালোচনা কৰে ৰাহুল গান্ধীয়ে ।

উল্লেখযোগ্য যে ৰাহুলে টুইটটোত কয়, ‘বেংকৰ লগতে জিডিপি সমস্যাত পৰিছে ৷ ইমান বেছি মূল্যবৃদ্ধি আৰু নিৱনুৱা সমস্যা কেতিয়াও হোৱা নাছিল। ৰাইজৰ মনোবল লাহে লাহে ভাঙিব ধৰিছে। এইয়া উন্নয়ন নে ধ্বংস’।

 

Exit mobile version