মৃত্যুৰ ৪৫ মিনিট পাছতে ওভতাই পালে জীৱন

Alive again

মৃত্যুৰ ৪৫ মিনিট পাছতে পুনৰ জীৱন ওভতাই পালে এজন লোকে । ঘটনাটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ । কোনোৱে ইয়াক বিশ্বাস নকৰিলেও কিন্তু বাস্তৱত সংঘটিত হোৱা ঘটনাটোক লৈ স্বাভাৱিকতে উৎসুকতাৰ সৃষ্টি হৈছিল । লোকজন এজন পৰ্বতাৰোহী । নাম মাইকেল নাপিনাস্কি । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাউণ্ট ৰেইনাৰ নেছনেল পাৰ্কত সম্পূৰ্ণভাৱে বৰফে গোট মৰা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হৈছিল নাপিনাস্কিক ।

উদ্ধাৰ কৰাৰ সময়তো অৱশ্যে জীৱিত আছিল নাপিনাস্কি; কিন্তু হাস্পতালত ভৰ্তি কৰাৰ সময়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰিছিল । অৱশ্যে শেষ পৰ্যন্ত চিকিৎসকৰ চেষ্টাত জীৱন ঘূৰাই পায় নাপিনাস্কিয়ে । ৪৫ বছৰীয়া নাপিনাস্কিয়ে বন্ধুসকলৰে স’তে মাউণ্ট ৰেইনাৰ পৰ্বতত আৰোহণ কৰিবলৈ গৈছিল; কিন্তু মাজপথত বন্ধুসকলৰ পৰা তেওঁ বিচ্ছিন্ন হৈ পৰে ।

ইয়াৰ পাছত নিৰ্দিষ্ট লক্ষ্যত পুনৰ বন্ধুসকলক লগ পোৱাৰ আশাৰে আৰোহণ কাৰ্য অব্যাহত ৰাখে । অৱশ্যে বতৰেও সহায় নকৰিলে নাপিনাস্কিক । এসময়ত বতৰ অতিকৈ বেয়া হোৱাত চকুৰে প্ৰায় একো নেদেখাৰ দৰে পৰিৱেশৰ সৃষ্টি হয় । নাপিনাস্কিয়ে সন্ধিয়ালৈ লক্ষ্যত উপনীত হোৱাৰ আশা কৰিছিল যদিও ভৱা মতে একো এটা সম্ভৱ নহ’ল । ইয়াৰ পাছতে নাপিনাস্কিয়ে সন্ধানহীন হোৱাৰ খবৰ প্ৰেৰণ কৰে বন্ধুসকলে । অনেক চেষ্টাৰ পাছত হেলিকপ্টাৰ যোগে উদ্ধাৰ কৰা হয় নাপিনাস্কিক । উদ্ধাৰৰ পাছত ছিয়াটেলৰ এখন হাস্পতাললৈ নিয়া হয় নাপিনাস্কিক ।

হাস্পতালত চিকিৎসকসকলে পৰীক্ষা কৰাৰ পাছত দেখা পায় নাপিনাস্কিৰ হৃদযন্ত্ৰই কাম কৰা বন্ধ কৰি দিছে । চিকিৎসকে নাপিনাস্কিক চি পি আৰৰ সহায়ত জীৱন ৰক্ষাৰ চেষ্টা চলোৱাৰ লগতে অতিৰিক্তভাৱে অক্সিজেন দিয়াৰো ব্যৱস্থা কৰে । তেজত জমা হোৱা অতিৰিক্ত কাৰ্বনডাই অক্সাইড বাহিৰ কৰ দিব পৰাকৈ ‘পাম্প’ কৰাৰো ব্যৱস্থা কৰে চিকিৎসকে ।

একেধাৰে ৪৫ মিনিটজোৰা চিকিৎসকৰ প্ৰচেষ্টাৰ অন্তত হৃদস্পন্দন উভতি আহে নাপিনাস্কিৰ । ঘটনাৰ দুদিন পাছতহে তেওঁ জ্ঞান ওভতাই পায় । হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি, জীৱন ওভতাই পোৱাৰ পাছত ফেকুৰী উঠিছিল নাপিনাস্কিয়ে । তেওঁক ঘেৰি ধৰা বন্ধুসকলৰো একে অৱস্থা হৈছিল । সজল হৈ পৰিছিল প্ৰতিজনৰ চকু । সকলোৱে আনন্দ লাভ কৰিছিল । চিকিৎসক-নাৰ্ছৰ যৌথ প্ৰচেষ্টাই সফলতা লাভ কৰাত । এনে নাটকীয় ঘটনা পূৰ্বে নেদেখা বুলিও উপস্থিতসকলে সমস্বৰে মন্তব্য কৰে ।

Exit mobile version