তিনিচুকীয়াৰ বাৰেকুৰিত আয়োজিত বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপনত মুখ্যমন্ত্ৰী সোনোৱালৰ অংশগ্ৰহণ

5b8a19c8 0868 42a0 aaff bc2fa5b2fa0f

তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱত আয়োজিত ‘বীৰ ৰাঘৱ মৰাণ দিৱস’ আৰু ঐতিহ্যপূৰ্ণ হাপজান বৰনামঘৰৰ ১২১ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। বীৰ ৰাঘৱ মৰাণৰ প্ৰতি তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বৰনামঘৰত সেৱা জনায়।

বীৰ ৰাঘৱ মৰাণৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন স্থানত ৭টা প্ৰেক্ষাগৃহ নিৰ্মাণৰ লগতে বাৰেকুৰিত এটা পুথিভৰাঁল নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী সোনোৱালে আজি ঘোষণা কৰে।

Exit mobile version