২৬/১১ ৰ মাষ্টাৰ মাইণ্ড হাফিজ ছঈদক ১০ বছৰৰ কাৰাদণ্ড

WhatsApp Image 2020 11 19 at 5.46.38 PM

২৬/১১ ৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মাষ্টাৰ মাইণ্ড হাফিজ ছঈদক পাকিস্তানৰ এখন আদালতে দুটা সন্ত্ৰাসবাদ কাৰ্যকলাপ ঘটনাৰ কাৰণে ১০ বছৰৰ কাৰাবাস প্ৰদান কৰিছে।

অৱশ্যে লস্কৰ ই তৈইবা আৰু জমাত উদ দাৱাৰ মুখ্য হাফিজ ছঈদৰ ক্ষেত্ৰত এই শাস্তি প্ৰথমবাৰৰ কাৰণে নহয় ৷ ইয়াৰ পূৰ্বে ফ্ৰেব্ৰুৱাৰীত হাফিজ ছঈদ আৰু তেওঁৰ একাংশ সহযোগীক সন্ত্ৰাসবাদ কাৰ্যকলাপৰ কাৰণে ১১ বছৰৰ কাৰাবাস প্ৰদান কৰিছিল ।

ছঈদে ২০০৮ ত মুম্বাইৰ আক্ৰমণৰ আঁচনি তৈয়াৰ কৰিছিল। এই আক্ৰমণত ১০ জন সন্ত্ৰাসবাদীয়ে ১৬৬ জন নিৰীহ লোকক হত্যা কৰিছিল ।আনহাতে হাফিজ ছঈদক বিগত বছৰত জুলাইত আন্তৰাষ্ট্ৰীয় হেচাঁৰ লগতে সন্ত্ৰাসবাদ বিয়পোৱাৰ কাৰণে পাকিস্তানত গ্ৰেপ্তাৰ কৰা হয় । অৱশ্যে সেই সময়ত পাকিস্তানে নিজৰ বিৰুদ্ধে লগা সকলো অভিযোগক খণ্ডন কৰিবলৈ এনে কৰিছিল বুলি চৰ্চা লাভ কৰিছিল ।

ইপিনে পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী সংগঠনে জামাত উদ দাৱা নেতাৰ বিৰুদ্ধে ৪১টা গোচৰ দাখিল কৰিছিল ৷হাফিজ ছঈদৰ বিৰুদ্ধে এতিয়ালৈকে মাত্ৰ চাৰিটা গোচৰ দাখিল হৈছে ৷ বাকী গোচৰসমূহ বহু আদালত এতিয়া বিচাৰাধীন হৈ আছে ৷

Exit mobile version