জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ ভিডিঅ’ আপলোড কৰি বিহাৰৰ ইউটিউবাৰে ভৰিব লগা হ’ল ৫০০ কোটি টকাৰ জৰিমনা

1600x960 174566 thequint2020 1126e724a1 31fb 43c4 9e1e c78d35104693untitleddesign20201119t124208473

বিহাৰৰ ইউটিউবাৰ ৰচিদ ছিদ্দিকে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ অপমানজনিত ভিডিঅ’ আপলোড কৰি মানহানিৰ গোচৰত ভৰিব লগা হ’ল ৫০০ কোটি টকা । সংবাদমাধ্যমত অভিনেতাগৰাকীয়ে উল্লেখ কৰে যে ৰচিদ ছিদ্দিকে তেওঁৰ ইউটিউব চেনেল এফ এফ নিউজত অভিনেতা গৰাকীৰ বহুতো অপমানজনিত ভিডিঅ’ আপলোড কৰিছে ।

সুশান্ত সিং ৰাজপুত্ৰৰ মৃত্যুৰ ৰহস্যত অক্ষয় কুমাৰৰ ভুল তথ্য প্ৰকাশ কৰাৰ বাবে অক্ষয় কুমাৰে ইউটিউবাৰ জনৰ ওপৰত ৫০০ কোটি টকাৰ জৰিমনা ভৰিব লাগিব বুলি ঘোষণা কৰে । আনহাতে, মুম্বাই আৰক্ষীয়ে ইউটিউবাৰ জনৰ ওপৰত অন্য এটা মানহানিৰ অভিযোগ দাখিল কৰে আৰু আপত্তিজনক ভিডিঅ’সমূহ নিজৰ ইউটিউব চেনেলৰ পৰা আঁতৰাই দিয়াৰ নির্দেশ দিয়ে । অভিনেতা অক্ষয় কুমাৰৰ মন্তব্য ৰচিদ ছিদ্দিকৰ নিন্দনীয় অপমানজনক ভিদিঅ’ৰ বাবে তেওঁ মানসিকভাৱে ভাগি পৰিছে আৰু সম্প্ৰতি তেওঁ বহু লোকচানৰ সন্মুখীন হৈছে ।

উল্লেখ্য যে, ভিডিঅ’টোত অভিনেতা অক্ষয় কুমাৰৰ ভুল তথ্য প্ৰকাশ কৰি উল্লেখ কৰে যে, ৰিয়া চক্ৰৱৰ্তীক কানাডা লৈ যোৱাত সহায় কৰিছিল অভিনেতা গৰাকীয়ে । ভিডিঅ’টোত সম্পূৰ্ণ মিছা আৰু সস্তীয়া প্ৰচাৰৰ বাবে বনোৱা হৈছে বুলি উল্লেখ কৰে অভিনেতা গৰাকীয়ে ।

এই সন্দৰ্ভত ৩ নৱেম্বৰত প্রাথমিক জামিন ঘোষণা কৰে মুম্বাই আদালতে, য’ত ইউটিউবাৰ জনক তদন্তৰ বাবে সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়া হয় । চুপাষ্টাৰজনে ৰচিদ ছিদ্দিকক বিনা চৰ্তত ক্ষমা খুজিবলৈ কোৱাৰ লগতে ভৱিষ্যতে এনে ভিডিঅ’ ক্লিপ আপলোড কৰাৰ পৰা বিৰত থাকিবলৈ কয় । আনহাতে, তিনি দিনৰ ভিতৰত জাননীৰ উত্তৰ দিয়াত বিফল হয় তেতিয়া অভিনেতাগৰাকীয়ে আইনী বিচাৰ আৰম্ভ কৰিব বুলি প্ৰকাশ কৰে ।

Exit mobile version