গোলাঘাট নগৰৰ ন-পুৰ অঞ্চলস্থিত মহাত্মা বাল্য ভৱন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৮৬.৬% নম্বৰেৰে সকলো বিষয়তে লেটাৰ মাৰ্কসহ ডিষ্টিংশ্যন লাভ কৰি সফলতা অৰ্জন কৰিছে ছাত্ৰী য়াছমিন চুলতানাই।
অত্যন্ত সৰল পৰিৱেশত, গোলাঘাট নগৰৰ মাত্ৰ এটা কোঠাত বসবাস কৰা পৰিয়ালৰ বিভিন্ন আৰ্থিক আৰু সামাজিক সমস্যাৰ মাজেৰে অধ্যয়ন অব্যাহত ৰাখি এই সাফল্য লাভ কৰিছে তেওঁ। একাদশ শ্ৰেণীত আৰ্থিক সংকটৰ বাবে ব্যক্তিগত বিদ্যালয়খনত পঢ়াত বাধা আহিছিল যদিও বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহায় আৰু সহযোগিতাত তেওঁ পুনৰ অধ্যয়ন অব্যাহত ৰাখিবলৈ সক্ষম হয়।
ফলাফল ঘোষণা হোৱাৰ পাছত অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষা-সচেতন ৰাইজে য়াছমিনৰ এই কৃতিত্বত সন্তোষ প্ৰকাশ কৰিছে। একে সময়তে, বিদ্যালয়খনৰ সামগ্ৰিক ফলাফলতো উন্নতি পৰিলক্ষিত হৈছে।
এইবাৰ বিদ্যালয়খনৰ পৰা মুঠ ২০ জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ১০০ শতাংশ ফলাফল লাভ কৰা হৈছে। ইয়াৰে ১৪ জনে প্ৰথম বিভাগ আৰু ছয়জনে দ্বিতীয় বিভাগ লাভ কৰে। ডিষ্টিংশ্যন লাভ কৰা ছাত্ৰ-ছাত্ৰী তিনিগৰাকীৰ ভিতৰত য়াছমিন চুলতানাৰ উপৰিও লখিপ্ৰিয়া দত্ত (৮৫.২%) আৰু আৰ্ফিনা বেগম (৮৫%) অন্তৰ্ভুক্ত। লগতে ছয়জন ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে আৰু সকলো বিষয়ত মুঠ ৩০টা লেটাৰ নম্বৰ অৰ্জন কৰা হৈছে।
উল্লেখযোগ্য যে, শিক্ষা বিষয়ত য়াছমিন চুলতানাই সৰ্বাধিক ৯২ নম্বৰ লাভ কৰিছে।
বিদ্যালয়খনত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰাৰ পিছত কৃতকাৰ্য ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সফলতাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত সমাজসেৱক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য এম আলী আহমেদ উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ কৃতিত্বৰ শলাগ লোৱাৰ লগতে তেওঁলোকক উৎসাহিত কৰে।































