ভাৰতত পুনৰ আৰম্ভ হোৱাৰ দিশে পাবজি

■ পাবজিৰ কৰ্প’ৰেচনে আনুষ্ঠানিক ভাৱে নিশ্চিত কৰিছে যে ভাৰতীয় এটা সহায়ক সংস্থাৰ লগতে এটা কোম্পানীয়ে নতুন ৰূপত নিৰ্মাণ কৰিছে জনপ্ৰিয় গেম পাবজি ।
■ গেমটো কেতিয়াৰ পৰা আৰম্ভ হ’ব বৰ্তমানলৈকে কোম্পানীটোৱে কোনো তাৰিখ নিৰ্ধাৰিত কৰা নাই ।
■ অহা শুক্ৰবাৰে নতুন গেমটোৰ আৰম্ভণি হ’ব বুলি সামাজিক মাধ্যমত তোলপাৰ লাগিছে যদিও বৰ্তমানলৈকে কোনো তাৰিখ নিৰ্ধাৰিত কৰা নাই কোম্পানীটোৱে ।
■ যোৱা সপ্তাহত এটা ভিডিঅ’ৰ যোগেদি পাবজি কৰ্প’ৰেচনে জানিবলৈ দিয়ে যে নতুন গেমটো ভাৰতীয় বজাৰৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছে ।
■ লগতে ভাৰতীয় খেলুৱৈৰ সহায় হোৱাকৈ সংস্থাটোৱে ১০০ জনতকৈ অধিক কৰ্মচাৰীক নিয়োগ কৰিব । কোম্পানীটোৱে নিজৰ গেমৰ প্ৰক্ৰিয়াটো মজবুত কৰিবলৈ স্থানীয় ব্যৱসায়ীকো সক্ৰিয় ৰূপত সহযোগিতা আগবঢ়াব ।
■ আনহাতে, স্থানীয় ভিডিঅ’ গেম Esports বিনোদন আইটি বিনিয়োগৰ জৰিয়তে সুৰক্ষিত আৰু স্বাস্থ্যকৰ গেমপ্লেৰ পৰিৱেশ দিয়াৰো পৰিকল্পনা প্ৰকাশ কৰিছে সংস্থাটোৱে ।

Exit mobile version