হোজাইত পাৰিবাৰিক কন্দলৰ পৰিণতিত হত্যাকাণ্ড

murder generic 2

পাৰিবাৰিক কন্দলৰ পৰিণতি এক হত্যাকাণ্ড সংঘটিত হ’ল হোজাইত । স্বয়ং খুড়াক আৰু তেওঁৰ পুত্ৰৰ চোকা অস্ত্ৰৰ আঘাটত নিহত হ’ল এজন মৎস্য ব্যৱসায়ী । অৱশ্যে মৃত্যুৰ পূৰ্বে লোকজনে তেওঁৰ পত্নীক আক্ৰমণকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয় । এই হত্যাকাণ্ডৰ পাছতে মূল অভিযুক্তই আদালতত আত্মসমৰ্পণ কৰে । এই হত্যাকাণ্ড সংঘটিত হয় হোজাই আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ আশীনগৰত ।

ঘটনাৰ বিৱৰণি অনুসৰি, যোৱা নিশা জাকিৰ হুছেইন নামৰ মৎস্য ব্যৱসায়ীজনৰ গৃহৰ বেৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে সূৰুয আলি আৰু তেওঁৰ পুত্ৰ ৰছিদুল ইছলামে । ভিতৰত প্ৰৱেশ কৰিয়ে দুয়ো জাকিৰক চোকা দাৰে আক্ৰমণ কৰাত তেওঁ গুৰুত্বৰভাৱে আহত হয় । অভিযুক্ত পিতা-পুত্ৰই কাষৰ কোঠাত শুই থকা জাকিৰৰ পত্নী হাছিনা বেগমকো হত্যাৰ অপচেষ্টা চলাইছিল । কিন্তু গুৰুত্বৰভাৱে আহত অৱস্থাৰেই জাকিৰে পত্নীক সাৱটি ধৰাত আক্ৰমণকাৰীয়ে তেওঁক আক্ৰমণ কৰিব নোৱাৰিলে ।

দুয়ো ঘটনাস্থলিৰ পৰা পলায়ন কৰাৰ পাছতে জাকিৰৰ মৃত্যু হয় । ইপিনে, আজি মূল অভিযুক্ত সূৰুযে হোজাইৰ শংকৰদেৱ নগৰ আৰক্ষী পহৰা চকীত গতাই দিয়ে । পাছত আৰক্ষীয়ে অভিযুক্তক হোজাই আৰক্ষী থানালৈ আনে । আৰক্ষী সূত্ৰই জনোৱা মতে, জাকিৰৰ মাতৃৰ স’তে থকা পাৰিবাৰিক সংঘাটৰ পৰিণতিতে অভিযুক্তই এই হত্যাকাণ্ড সংঘটিত কৰে ।

ইফালে নীলবাগান আৰক্ষী চকীৰ আৰক্ষীয়ে মূল অভিযুক্তক নিজৰ জিম্মাত লৈ সোধপোছ কৰাৰ উপৰি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে আজি একাংশ উত্তেজিত লোকে নীলবাগান আৰক্ষী চকী ঘেৰাও কৰি হাত্যাকাৰীৰ ফাঁচীৰ দাবী তোলে । অৱশ্যে হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইপিনে শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি হত্যাকাণ্ডৰ আনজন অভিযুক্ত তথা ধৃত সূৰুযৰ পুত্ৰ ৰছীদুলকো আৰক্ষীয়ে আশীনগৰৰ পৰা আটক কৰিছে ।

Exit mobile version