ক’ভিড প্ৰতিষেধকৰ সন্দৰ্ভত আলোচনা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

jpg 2

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিডৰ প্ৰতিষেধকৰ সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠকত ভাগ লয় । শুক্ৰবাৰে নীতি আয়োগৰ শীৰ্ষ বিষয়াৰ স’তে ভাগ লোৱা বৈঠকত প্ৰতিষধক কেনেদৰে প্ৰস্তুত কৰা হয়, জনসাধাৰণৰ মাজত কেনেদৰে উপলব্ধ কৰিব পাৰি এই সন্দৰ্ভত আলোচনা কৰা হয় । মোদীয়ে টুইট কৰি কয় যে, “এই বিষয়ত এক বৈঠক অনুষ্ঠিত কৰি প্ৰতিষেধকৰ ক্ষেত্ৰত দেশৰ নীতি আৰু কেনেদৰে আগবঢ়াই নিব পাৰি আলোচনা কৰিছিলো ।”

ADVERTISEMENT

উল্লেখ্য যে, প্ৰতিষেধকক কিমান দূৰ আগবঢ়াই নিব পাৰি, কিমান সোনকালে ইয়াৰ অনুমোদনৰ কাৰণে পঠিয়াব পাৰি আৰু প্ৰতিষেধক বজাৰত কেনেদৰে উপলব্ধ কৰিব পাৰি এই সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ এক আলোচনা হয় । আন এক টুইটত মোদীয়ে জনায় যে, বিভিন্ন সমূহৰ ভিতৰত কোনে প্ৰথমে প্ৰতিষেধক লাভ কৰিব এই সন্দৰ্ভতো বিতং আলোচনা হয় ।

উল্লেখ্য যে, দেশৰ বহু কোম্পানীয়ে ক’ভিড ভেকচিন প্ৰস্তুত কৰিবলৈ বিশ্বৰ অন্য প্ৰান্তৰ স’তে সহযোগিতা আগবঢ়াইছে । ইয়াৰ ভিতৰত কে’বাটাও কোম্পানীয়ে প্ৰস্তুত কৰা প্ৰতিষেধসমূহ ৯০% প্ৰভাৱিত হ’ব বুলি দাবী কৰিছে । বাংলাদেশ, ম্যানমাৰ, ভূটান, চুইজাৰলেণ্ড, অষ্ট্ৰিয়া আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশে ভাৰতৰ সতে প্ৰতিষেধক প্ৰস্তুত কৰাত আগ্রহ প্ৰকাশ কৰিছে । আনহাতে, শুক্ৰবাৰে ভাৰতত তৈয়াৰী কোভাক্সিনৰ ট্ৰায়েল উৰিষ্যাৰ এটা ইনষ্টিটিউটত আৰম্ভ কৰা হয় । এই ট্ৰায়েলৰ ফলাফলৰ ওপৰতে বহু নিৰ্ভৰ কৰিছে ।

Exit mobile version