সাম্প্ৰতিক সময়ত চিত্ৰশিল্পই এক বিতৰ্কিত বিষয়ক লৈ বিশেষ চৰ্চা লাভ কৰিছে৷ শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছিল প্ৰতিবাদৰ ভাষা সন্নিবিষ্ট এখন বিশেষ চিত্ৰ আৰু যিখন চিত্ৰ পলকতে মচি দি আটক কৰা হৈছিল শিল্পীগৰাকীক৷ যাক লৈ সবত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাই নহয় একাংশ শিল্পীক নিৰাশ হোৱা পৰিলক্ষিত হৈছিল ৷ তেনে এক সময়তে প্ৰচাৰবিমুখ নগঞাঁ এগৰাকী উদীয়মান শিল্পীয়ে পুনৰ প্ৰমাণ কৰিলে শিল্পীৰ তুলিকা কাহানিও স্থৱিৰ নহয় ৷ ই নিৰৱ-নিস্তব্ধভাৱে আগুৱাই গৈয়ে থাকিব৷ এইগৰাকী নগঞাঁ প্ৰচাৰবিমুখ উদীয়মান শিল্পী নগাঁৱৰ ননৈ বাদল গাওঁৰ কুলদীপ শইকীয়া৷ অন্যান্য অভিভাৱকৰ দৰে কুলদীপৰ পিতৃ ৰঘূনাথ শইকীয়া আৰু মাতৃ দুলুমণি শইকীয়াৰো সপোন আছিল, পুত্ৰ সংস্থাপিত হওঁক আৰু জীৱন সংগ্ৰামৰ বাবে অৰ্থ উপাৰ্জন কৰক ৷
পিছে কুলদীপৰ শিল্পীসুলভ মনটোক পাৰ্থিৱ সুখে বান্ধিব নোৱাৰিলে৷ কেৱল পিতৃ-মাতৃৰ কথা ৰাখি অধ্যয়ন কৰাৰ সমান্তৰালভাৱে চলাই গ’ল চিত্ৰশিল্পৰ সাধনা৷ সময় বাগৰি গ’ল কুলদীপৰ শিল্পীসত্তা ক্ৰমাগতভাৱে পূৰ্ণতা পালে ৷ বিশিষ্টলোকসকলৰ উপৰিও নিজ পিতৃৰ ছৱি অংকন কৰি পিতৃৰ কৰ্মময় জীৱনৰ অৱসৰৰ দিনা উপহাৰ দিলে ৷ সেইদিনাৰ পৰাই যেন বহিঃপ্ৰকাশ ঘটিল কুলদীপৰ শিল্পীসত্তাৰ ৷
ছৱি আঁকি ধন সংগ্ৰহ কৰি বানপীড়িতক সহায় কৰিবলৈও সক্ষম হ’ল কুলদীপ৷ প্ৰথমাৱস্থাত যদিও কুলদীপে ঘৰৰ পৰা চিত্ৰৰ ক্ষেত্ৰত সহযোগ পোৱা নাছিল কিন্তু বৰ্তমান কুলদীপৰ সৃষ্টিত আনন্দিত পিতৃ-মাতৃ,বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সকলো ৷ কুলদীপ সদায় আশাবাদী,নিজৰ খোজ সময়ৰ বালিত থৈ যোৱাৰ৷ অন্যান্য প্ৰয়াসৰ দৰে নিজ গাৱঁৰ নাম প্ৰচাৰ-প্ৰসাৰৰ বাবে অংকন কৰিলে “মই এটি যাযাবৰ” শীৰ্ষক এখন চিত্ৰ আৰু লিখিলে WELLCOME TO BADALGAON.
চাৰিলেনযুক্ত ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰনীয়া সেতুৰ দেৱালত অংকন কৰা এই চিত্ৰখনৰ উদ্দেশ্য কেৱল গাৱঁখনৰ প্ৰচাৰ-প্ৰসাৰেই নহয়, গ্ৰাম্যজীৱনৰ সাধাৰণ লোকসকলেও যাতে ক্ষন্তেকৰ বাবে ছবিখন চাই সুধাকন্ঠ, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰিব পাৰে, তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ’ব পাৰে,এবাৰ হাঁহি মাৰি আনন্দ উপভোগ কৰিব পাৰে তাৰ চেষ্টা কৰিছে কুলদীপে৷ সেয়ে এখন বিলাসী গাড়ীৰ সৈতে সাধাৰণ লোকে কল্পনা কৰাৰ বিপৰীতে কুলদীপে সুধাকণ্ঠক কল্পনা কৰিলে এখন চাইকেলেৰে বাদল গাৱঁৰ মাজেৰে গীত গাই যোৱাৰ৷ বহু শব্দাৰ্থ প্ৰকাশ কৰা ছৱিখনৰ সকলোৱে শলাগ লৈছে৷
প্ৰধানকৈ কাৰ্টুন স্কেচ্ছ কৰা শিল্পী কুলদীপে ইতিমধ্যে বহু বেতুপাট অংকনো কৰিছে৷ কাৰ্টুনবোৰেও বহু অৰ্থবহ ইংগিত প্ৰকাশ কৰাকৈ সাজু কৰি ৰাখিছে কুলদীপে৷ পিছে নাই কোনো ব্যৱস্থা প্ৰচাৰ-প্ৰসাৰৰ৷ অৱশ্যে কুলদীপো কাৰোৰে প্ৰতি আশাবাদী নহয়৷ কিয়নো কুলদীপে অসম্ভৱৰ মাজতেই সম্ভৱ দেখা পোৱাত আত্মবিশ্বাসী৷ অৱশ্যে শিল্পীৰ মনৰ ভাৱ নুবুজা, তুলিকাৰ ভাষাক বাকৰুদ্ধ কৰা এক দুঃসময়ত কুলদীপৰ দৰে শিল্পীসকলে সকলোৰে সহাৰি বিচৰাতো মৰুভূমিত পানী বিচৰা সদৃশ৷ এখন গ্ৰাম্যজীৱনৰ ছৱি অংকন কৰি নিজ প্ৰতিভাৰে গাৱঁখনক বিশ্বত চিনাকি কৰিব খোজা এইসকল শিল্পীৰ শিল্পকৰ্মক স্বীকৃতি দিবনে চৰকাৰে?