কৰ’না গাঁৱলৈ পৰিণত হৈছে দেশৰ এখন গাঁও। হিমাচল প্রদেশৰ লাহােল উপত্যকাস্থিত গাঁওখনৰ নাম থােৰাং। গাঁওখনত সম্প্রতি কৰনাত আক্রান্ত নােহােৱা লােকৰ সংখ্যা মাত্র এজন। একমাত্র ৫২ বছৰ বয়সীয়া ভূষণ ঠাকুৰৰ বাহিৰে গাঁওখনৰ বাকী সকলাে লােক ক’ভিড সংক্রমিত। লাহােল-স্পিটি উপত্যকাৰ জনঘনত্ব অৱশ্যে অতি কম; কিন্তু জনসংখ্যা কম হােৱা সত্ত্বেও কৰ’না আক্রান্তসকলক লৈ ইতিমধ্যে নিদ্ৰা হেৰুৱাবলগীয়া হৈছে প্রশাসনে।
তদুপৰি হিমাচল প্রদেশৰ উক্ত অঞ্চলটো প্রাকৃতিক সৌন্দর্যৰ বাবে অতি জনপ্রিয়। বছৰৰ সকলাে সময়তে পর্যটকৰ যাতায়াত অব্যাহত থাকে অঞ্চলটোলৈ। অৱশ্যে পৰিৱর্তিত অৱস্থাত অঞ্চলটোলৈ পৰ্যটকৰ আগমনত কঠোৰতা অৱলম্বন কৰিছে প্রশাসনে। বৃহস্পতি বাৰৰ দিনটোত সেয়েহে লাহােলৰ কোনাে গাঁৱতে পর্যটকক প্রৱেশ কৰিব দিয়া নাই প্রশাসনে। টোঙৰ লগতে লাহােলৰ গাঁওবিলাকক কন্টেইনমেন্ট জ’ন’ হিচাপে চিহ্নিত কৰা হৈছে ।
এই সন্দৰ্ভত লাহােল- স্পিটিৰ উপায়ুক্ত পংকজ ৰায়ে কয়, ইয়াত মুঠতে ৪১ খন গাঁও পঞ্চায়ত আছে। ইয়াৰ ভিতৰত ছয়-সাতখন পঞ্চায়তৰ অৱস্থা অতিকৈ বেয়া। গাঁও পঞ্চায়তকেইখনত কৰ’না সংক্রমণ অতিকৈ বেছি হৈছে। এনে গাঁও পঞ্চায়তবিলাকক সম্পূর্ণভাৱে কন্টেইনমেন্ট জ’ন হিচাপে ঘােষণা কৰা হৈছে। অক্টোবৰ তথা চলিত মাহত স্থানীয়ভাৱে অনুষ্ঠিত বহু অনুষ্ঠানত জনসমাগম অধিক হােৱাৰ বাবেই কৰ’না সংক্রমণ ভয়াৱহ হৈ পৰে। ইয়াৰ লগতে অত্যধিক শীতৰ বাবে উচ্চ স্থানৰ পৰা উক্ত অঞ্চলটোলৈ প্রায় সকলাে আৱাসী উভতি আহিছে। এনে কাৰণত সংক্রমণ অধিক হৈছে।
মানালি-লেহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গাঁও থােৰাঙত মুঠতে ৪২ জন লােকে বাস কৰে। শীতৰ পৰা ৰক্ষা পাবলৈ গাঁওখনলৈ কুলুৰ পৰা বহু লােক উভতি আহিছে। গাঁৱলৈ উভতি এনে লােকসকলে নিজস্বভাৱেই ক’ভিড পৰীক্ষা কৰে। পৰীক্ষাত গাঁৱৰ ৪২ জন বাসিন্দাৰ ভিতৰত ৩১ জনেই সংক্রমিত হােৱাটো নিশ্চিত হয়।