উত্তৰ প্ৰদেশৰ ৩০০০ খন গাঁৱত প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে “Har Ghar Nal Yojana” ৰ আৰম্ভনি

unnamed 2

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিও কনফাৰেন্স যোগেদি উত্তৰ প্ৰদেশৰ বীন্ধ্যা অঞ্চলৰ সোনভদ্ৰা আৰু মিৰ্জাপুৰৰ বাবে “Har Ghar Nal Yojana” প্ৰকল্প আৰম্ভণি কৰে যত উপস্থিত থাকে মুখ্যমন্ত্রী যোগী আদিত্যনাথ । এই প্ৰকল্পটোৰ লক্ষ্য হৈছে ৪১ লাখৰো অধিক গাঁওবাসীক পানীৰ যোগান ধৰাৰ । অঞ্চলটো প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ কিন্তু স্বাধীনতাৰ পিছৰে পৰা অৱহেলা কৰা পিছতে বৰ্তমান অঞ্চলটোত বহুতো নদী থকাৰ স্বত্তেও সেইয়া খৰাং হৈ পৰিছে, যাৰ বাবে এতিয়া চৰকাৰে পানীৰ সমস্যা সমাধানৰ ফলস্বৰূপে আজি Har Ghar jal Yojana প্ৰকল্প আৰম্ভ কৰিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে, লগতে তেওঁ কয় যে, এইখন চৰকাৰৰ দ্বাৰা গাঁওখনক ক্ষমতাশালী কৰি তোলা হৈছে ।

গ্ৰামীণ অঞ্চল লোকসকলৰ লগতে আদিবাসী আৰু দৰিদ্ৰ লোকসকলক আত্মনির্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হৈছে । আত্মনিৰ্ভৰশীল এখন গাওঁৱে আত্মনির্ভৰশীল ভাৰতক শক্তি প্ৰদান কৰে । যোগী আদিত্য নাটৰ চৰকাৰত Har Ghar Nal Yojanaপ্ৰকল্প ৰ যোগেদি ২৯৯৮ খন গাওঁত পাইপ লাইনৰ মাইধ্যমেৰে পানী যোগান কৰিব বুলি চৰকাৰৰ এখন প্ৰেছ মিতৰ দ্বাৰা জনাই ।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে স্বাধীনতাৰ পাছৰে পৰা এতিয়া পৰ্যন্ত কেৱল ৩৯৮ খন গাঁৱত পাইপৰ যোগান ধৰা হৈছে । বৰ্তমান জল জীৱন যোজনাৰ অধীনৰ যোগেদি ২৯৯৫ লাভম্বনিত হব । এই প্ৰকল্পটি ২১৮৭৯৮০ গাঁওবাসিক উপকৃত কৰিব । সোনভদ্ৰায়ত ৯৫৩৪৫৮ পৰিয়াল এই যোগানৰ যোগেদি উপকৃত হব । সোনভদ্ৰায়ৰ পৰিয়াল সমূহত হ্ৰদ আৰু নদীৰ পানী পৰিশোধন কৰি যোগান ধৰা হব। সোনভদ্ৰায় আৰু মিৰ্জাপুৰৰ এই প্ৰকল্পটোত মুঠ ব্যয় হব ৫৫৫৫৩৪ কোটি টকা ।

Exit mobile version