বাক্সাৰ মথনগুৰিত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটৰ কৰ্মীসভা

WhatsApp Image 2020 11 22 at 5.26.35 PM

বিটিচিত ক্ৰমাৎ গৰম হৈছে নিৰ্বাচনী বতাহ ৷ এফালে বিপিএফ-বিজেপিৰ বাক-যুদ্ধ আনফালে ইউ পি পি এলৰ পৰিৱৰ্তনৰ শ্ল’গান । বহি থকা নাই এআইইউডিএফ আৰু প্ৰদেশ কংগ্ৰেছৰ মিত্ৰজোঁট ৷ আজি বাক্সা জিলাৰ কাটাঝাৰ বজাৰ জেনিথ একাডেমিত মথনগুৰি সমষ্টিৰ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফৰহাদ আলীৰ নিৰ্বাচনী প্ৰচাৰৰ আলোচনা লগতে নিৰ্বাচনী পৰিচালনা সমিতি গঠনাৰ্থে এখন কৰ্মী সভা অনুষ্ঠিত হয় ৷ সভাত প্ৰদেশ কংগ্ৰেছ আৰু এআইইউডিএফৰ কে’বাগৰাকী নেতাকৰ্মী উপস্থিত থাকি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কৌশল প্ৰদান কৰে ৷

ইফালে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক ধীৰাজ দেউৰী আৰু প্ৰাৰ্থী ফৰহাদ আলী আহমেদে কয়, এইয়া নিৰ্বাচনী প্ৰচাৰৰ কেৱল আৰম্ভণিহে ৷ ইয়াৰ পাছত আৰু হেলিকপ্টাৰৰ অনুষ্ঠানো আয়োজিত হ’ব ৷ বিটিচিত ৰাইজে বিচাৰিলে চৰকাৰ মিত্ৰজোঁটৰে হ’ব ৷ কাৰণ কংগ্ৰেছ-এআইইউডিএফয়ে ধৰ্মীয় ৰাজনীতি নকৰে ৷

কংগ্ৰেছ নেতা ধীৰাজ দেউৰীয়ে লগতে কয়, “বিজেপি, বিপিএফ, ইউপিপিএলৰ বাকযুদ্ধ ৰাইজক বিভ্ৰান্ত কৰাৰ বাবেহে ৷ আমি কংগ্ৰেছ এআইইউডিএফ দল ইয়াৰ পৰা দূৰত আছোঁ ৷ দূৰত থাকি আমি ৰাইজৰ মাজলৈ সোমাই যাম ৷ বিটিচিত ইমান বছৰে হাগ্ৰামা মহিলাৰীয়ে যি দুৰ্নীতি অপশাসন চলালে তাৰ বিৰুদ্ধে আমি ৰাইজৰ পৰা আগন্তুক দিনত উন্নয়নৰ বাবে ভোট বিচাৰি আছো ৷ বিটিএডিত এইবাৰ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটৰ চৰকাৰ হ’ব ৷”

আজিৰ কৰ্মীসভাত কংগ্ৰেছ দলৰ সক্ৰিয় নেতা আব্দুল ছামাদ আহমেদ, কংগ্ৰেছৰ সৰভোগৰ যুৱ নেতা ৰাজীব হ’ক, সক্ৰিয় নেত্ৰী অনুৰুপা হান্নান, এআইইউডিএফৰ বৰপেটা জিলা সভাপতি আমিনুল হককে ধৰি ভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে৷

Exit mobile version