প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষ নিশ্বাস ত্যাগ

175146 98u

●প্ৰাক্তন মন্ত্ৰীজনৰ স্বাস্থ্য দ্ৰুত অৱনতি ঘটাত ৰাজ্যবাসীয়ে আশু আৰোগ্য কামনা কৰি পূজা অৰ্চনা কৰিছে ।

● মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ শেহতীয়া খবৰ পাই নিজৰ সকলো চৰকাৰী কাৰ্য্যসূচী বাতিল কৰিছে ডিব্ৰুগড়ৰত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

●ডিব্ৰুগড়ৰৰ পৰা বিশেষ বিমানেৰে অতি সোনকালে ৰাওনা হব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

●এফালে ডিব্ৰুগড়ত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ আৰোগ্য কামনা কৰি বিষ্ণু মন্দিৰত বন্তি জ্বলাই পূজা কৰে বিধায়ক প্ৰশান্ত ফুকনে ।

●গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয় হিমন্ত বিশ্ব শৰ্মাৰ লগতে,সাংসদ প্ৰদ্যুত বৰদলৈ ,প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাই,CM ৰ উপদেষ্টা হৃষীকেশ গোস্বামীৰ,ৰুকিবুল হুছেইনৰ লগতে বহুতো ৰাজনৈতিক নেতা ।

●স্বাস্থ্যৰ বুজ লবলৈ GMCH ত উপস্থিত হৈ উচুপি উঠিল বদৰুদ্দিন আজমল ।

●আবেলি ৫-৩৪ বজাত ৮৬ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে ।

Exit mobile version