কলগাছিয়াৰ গ্ৰাম্য পথৰ জৰাজীৰ্ণ অৱস্থাই জলাকলা খুৱাইছে ৰাইজক

WhatsApp Image 2020 11 23 at 5.41.05 PM

কলগাছিয়া ৰাজহ চক্ৰ তথা ৰূপসী খণ্ড উন্নয়ন কাৰ্যালয়ৰ এলেকাধীন খাৰবাল্লীৰ পৰা সুঁতিৰপাথাৰলৈ যোৱা গ্ৰাম্য পথছোৱা বিগত বানপানীৰ সময়ত কেইবা ঠাইত ছিঙি যোৱাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। বানপানীৰ সময়ত স্থানীয় ৰাইজে গাঁঠিৰ ধন খৰচ কৰি পথছোৱাৰ কেইবা ঠাইত বাঁহৰ সাকো নিৰ্মাণ কৰিছিল যদিও সম্প্ৰতি সাকো সমূহ জহি খহি গৈছে। ফলত কান্ধত তুলি গড়কাপ্তানি পথলৈ অনা-নিয়া কৰিবলগীয়া হয় ৰোগী।

কৃষক সকলৰ কৃষিজাত সামগ্ৰী কঢ়িওৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে স্কুললৈ যোৱাৰ ক্ষেত্ৰতো সন্মুখীন হৈছে ভীষণ অসুবিধাৰ। পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধি সকলে মাহী আইৰ ভূমিকা পালন কৰা বুলি স্থানীয় ভুক্তভোগি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ সুবিধাৰ্থে অতি শীঘ্ৰেই ৰাস্তাটো মেৰামতি কৰি দিবলৈ চৰকাৰৰ লগতে জনপ্ৰতিনিধি সকলৰ ওচৰত স্থানীয় ৰাইজে দাবী জনাইছে।

Exit mobile version