তৰুণ সম্পর্কত মােৰ দদাইদেউ আছিল। মােৰ মাৰ বায়েকৰ ল’ৰা।মােতকৈ তিনি বছৰে ডাঙৰ।আছিল; কিন্তু আমাৰ মাজৰ সম্পর্ক ভাই-ককাইৰ লগতে বন্ধু পর্যায়ৰাে আছিল। প্রতিজন মানুহ এদিন এই পৃথিৱীৰ পৰা যাবই লাগিব তৰুণেও সেই নিয়মেৰে আজি বিদায় পৰা মাগিলে। তথাপি অন্তৰত অত্যন্ত আঘাত পাইছাে।ভাল কাম কৰি তৰুণ আঁতৰি গ’ল। সেই কাৰণে অসমৰ ৰাইজে আজি দুখ পাইছে। সুস্থ হােৱাৰ বাবে ৰাইজে নেদেখাজনৰ ওচৰত প্রার্থনা কৰিছিল। সেই গুণ তৰুণে আর্জিছিল বাবে ৰাইজ তাৰ স্বাস্থ্যক লৈ উদ্বিগ্ন আছিল।আজি অসমৰ ৰাইজে কান্দিছে।সুখে দুখে দুয়াে দুয়ােৰে লগৰীয়া আছিলাে। আনকি মুখ্যমন্ত্ৰী হৈ থকাৰ পাছতাে আমাৰ সেই সম্পর্কত যতি পৰা নাছিল। মুখ্যমন্ত্ৰী হৈ তাৰ দায়িত্ব যিদৰে বাঢ়িছিল মােৰাে তেনেদৰে বাঢ়িছিল। মােৰ পৰা মানুহৰ দুখ দুর্গতিৰ বুজ লৈছিল।মই খবৰবােৰ আনি দিছিলাে, সি মানুহবােৰক সহায় কৰিছিল। সি জানিছিল,মই দিয়া খবৰবােৰ প্ৰকৃত খবৰ আছিল।আচলতে তৰুণ গগৈ মানুহজন ইমানেই পৰােপকাৰী আৰু আনক সহায় কৰা মনােবৃত্তিৰ আছিল যে তাৰ সম্পূৰ্ণৰূপে ব্যাখ্যা কৰা টান। সি বৰ খােলা অন্তৰৰ আছিল। কোনাে মানুহক অৱজ্ঞা নকৰিছিল। প্রত্যেকৰে কথা শুনিছিল, পার্মানে সহায় কৰিছিল। এই ভাল কামৰ বাবে আজি তাক হেৰুৱাই মানুহে কান্দিছে। সমাজখনক ৰাজনীতিৰ মাজেৰে সেৱা কৰিবলৈ ওলাই অহা বাবে ডলী (গগৈৰ পত্নী ডলী গগৈ)ৰ ওপৰত ঘৰৰ সকলাে দায়িত্ব এৰি দিছিল। ল’ৰা-ছােৱালী দুটাকো ডলীয়েই চাইছিল। ডলীয়ে তাৰ কোনাে দিন বাধা দিয়া নাছিল। কাৰণ মানুহজনৰ বিষয়ে ডলীয়ে ভালদৰে জানিছিল।
তৰুণ গগৈৰ ভাল কামৰ বাবে মানুহে আজি কান্দিছে : পৰাণ বৰবৰুৱা
-
By publisher

ADVERTISEMENT
- Categories: Assam, News
- Tags: AssamTarun Gogoi
Related Content
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা!
By
publisher
May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
By
publisher
May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
By
publisher
May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ'ব'
By
publisher
May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
By
publisher
May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
By
publisher
May 11, 2025