বিটিচি নিৰ্বাচনঃ বাগানপাৰাত ভোটাৰক আকৰ্ষিত কৰিব পাৰিবনে দুই সুন্দৰীয়ে ?

IMG 20201123 WA0185

বিটিচিৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন । কৰ’না মহামাৰীৰ পাছত অনুষ্ঠিতব্য নিৰ্বাচনত কঁকালত টঙালি বান্ধিছে ৰাজনৈতিক দলসমূহে । ইতিমধ্যে ব্যাপক প্ৰচাৰেৰে কোনো এটা দলেই পিছ পৰি থকা নাই । অহা বছৰ অনুষ্ঠিতব্য অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এই নিৰ্বাচন এখন চেমি ফাইনেল হিচাপে গণ্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ আন নেতাসকলে । যদিও বিটিচিৰ চাৰিখন জিলাক সামৰি অনুষ্ঠিত হ’ব এই নিৰ্বাচন, কিন্তু শাসক-বিৰোধী সকলো দলেই জঁপিয়াই পৰা পৰিলক্ষিত হৈছে ।

একপ্ৰকাৰ ক’বলৈ গ’লে অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন হিচাপে গণ্য কৰিয়েই যিকোনো প্ৰকাৰে বিজেপিয়ে বিবিচিৰ শাসনৰ বাঘজৰি হাতত লোৱাৰ অংগীকাৰ কৰিছে । বিটিচিত মুঠ ২৬টা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰা বিজেপিয়ে এইবাৰ অকলেই পৰিষদ‌ গঠন কৰিব বুলি দাবী কৰি আহিছে । ইতিমধ্যে আটাইকেইটা সমষ্টিত জয়লাভ দলীয় প্ৰাৰ্থী বিজয়ী কৰাৰ বাবে প্ৰভাৰী নিযুক্তি দিছে । মন কৰিবলগীয়া যে আটাইকেইটা সমষ্টিৰ ভিতৰত ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিত অধিক গুৰুত্ব দিয়া দেখা গৈছে বিজেপিয়ে ।

সমষ্টিটোত বিজেপিৰ আৰতি বৰদলৈ, বিপিএফৰ ফলিন্দ্ৰ বসুমতাৰী (ফানবাই), গণ সুৰক্ষা পাৰ্টিৰ তৃষ্ণা মেধি আৰু ইউপিপিএলৰ কাতিৰাম বড়োৱে প্ৰতিদ্বন্দিতা কৰিছে । ২০১৫ চনৰ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী গৰাকীয়ে বিজয়ী হৈ কোকৰাঝাৰলৈ নিৰ্বাচিত হৈছিল । এইবাৰ ফলিন্দ্ৰ বসুমতাৰীক পৰাজিত কৰিবলৈ বিজেপিয়ে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে । সমষ্টিতোত কে’বাগৰাকী মন্ত্ৰী-বিধায়ক তথা দলীয় হাইপ্ৰ’ফাইল নেতাই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । অহা ২৮ নৱেম্বৰত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বচনী প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰিব । ইতিমধ্যে দলীয় প্ৰাৰ্থী আৰতি বৰদলৈৰ সমৰ্থনত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুচ হাজৰিকা, জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, বিধায়িকা আঙুৰলতা ডেকা, শিল্পী যতীন বৰা, বিদ্যা সাগৰ আদিয়েও নিৰ্বাচনী সভাৰ জৰিয়তে প্ৰচাৰ কৰিছে ।

বিশৈষকৈ বিপিএফৰ দুৰ্নীতিকে মূল ইছ্যু হিচাপে লৈ প্ৰচাৰ অভিযানত নামি পৰিছে শাসকীয় বিজেপিয়ে । লক্ষ্যনীয়ভাৱে বাগানপাৰা সমষ্টিত অধিক গুৰুত্ব দিয়াৰ কাৰণে ইতিমধ্যে প্ৰমাণিত হৈছে । দুমাহ পূৰ্বে সাংবাদিকৰ আগত বিপিএফৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক আপত্তিজনক মন্তব্য কৰিছিল । ইয়াতে খড়্গহস্ত হৈ মন্ত্ৰী তথা আন সতীৰ্থই বিপিএফৰ পৰা সমষ্টিটো উদ্ধাৰ কৰাৰ বাবে আপ্ৰাণ চেষ্টা কৰা পৰিলক্ষিত হৈছে । আনহাতে বিপিএফৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীয়েও বহি থকা নাই । নিজৰ ভেটি হেৰুৱাবলৈ কোনোপধ্যে ৰাজি নহয় বিপিএফৰ প্ৰাৰ্থীজনে । সেয়েহে অধিক আক্ৰামণাত্মক ৰূপত আগবাঢ়িছে দলীয় প্ৰাৰ্থীজনে ইফালে আন এগৰাকী সুন্দৰী প্ৰাৰ্থী গণ সুৰক্ষা পাৰ্টিৰ তৃষ্ণা মেধিয়ে সমষ্টিটোত অহৰ্নিশে প্ৰচাৰ কৰি আহিছে ।

মূলতঃ ভূমিৰ সমস্যাকে মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি প্ৰচাৰ অভিযান কৰা পৰিলক্ষিত হৈছে । বিগত সময়চোৱাত বিপিএফে অনাবড়ো লোকৰ ভূমিৰ সমস্যাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী ঢাল হিচাপে প্ৰচাৰ চলাই ভোটাৰৰ কাষ চপা পৰিলক্ষিত হৈছে । আনহাতে ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়োৱে আদৰ্শক সৰোগত কৰিয়েই নিজৰ প্ৰচাৰ অভিযান চলাই গৈছে ।ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে বিপিএফৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ভোটাৰৰ মাজত সোমাই পৰিছে । সমষ্টিটোত চাৰিটা দলৰ চাৰিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । মুঠতে সমষ্টিটোত দুই দলৰ দুই সুন্দৰী প্ৰাৰ্থীৰ তীব্ৰ প্ৰচাৰ অভিযানে ভোটাৰক কেনেকৈ আকৰ্ষিত কৰে সেয়াহে লক্ষ্যণীয় হ’ব অহা ৭ ডিচেম্বৰ তাৰিখে ।

Exit mobile version