সপ্তাহৰ শেষত আমাৰ কাষেৰে পাৰ হৈ যােৱাৰ সম্ভাৱনা ও নাছা:

as 2

পুনৰ পৃথিৱীৰ দিশে ধাৱমান হৈছে এটা বিশাল আকাৰৰ গ্রহাণু। এই সপ্তাহৰ শেষতে এই বিয়াগােম গ্রহাণুটোৱে পৃথিৱীৰ কাষ চুই আঁতৰি যাব। আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই এই কথা সদৰী কৰিছে। নাছাই জনাইছে যে অহা দেওবাৰে ১৫৩২০১ ২০০০ ডব্লিউ অ’১০৭ নামৰ গ্রহাণুটোৱে দ্রুতবেগত আহি পৃথিৱীৰ কাষেৰেই দূৰলৈ আঁতৰি যাব। বিশ্বৰ দীর্ঘতম অট্টালিকা ডুবাইৰ গগনচমুম্বী বুর্জ খলিফাৰ দৈৰ্ঘৰ সম পর্যায়ৰ এই গ্রহাণুৰ ব্যাস হৈছে ০.৫১ কিলােমিটাৰ।

নাছাই লগতে জনাইছে যে এই গ্রহাণুৰ গতিবেগ হৈছে প্রতি ঘণ্টাত ৫৬ হেজাৰ কিলােমিটাৰ। বিয়াগােম গ্রহাণুটো পৃথিৱীৰ বায়ুমণ্ডলৰ মাজত সােমাই পৰা হলে আমাৰ গ্ৰহৰ বাবে বিপদৰ সম্ভাৱনা আছিল; কিন্তু নাছাই জনাইছে যে সেই সম্ভাৱনা প্রায় শূন্য। ধাৰণা কৰা হৈছে যে দেওবাৰে নিশা ১-০৮ বজাত গ্রহাণুটোৱে পৃথিৱীৰ পৰা ৪৩ লাখ পাঁচ হেজাৰ ৭৭৫ কিলােমিটাৰ নিলগেৰে গুচি যাব। যােৱা ২০০০ৰ ২৯ নৱেম্বৰত নিউ মেক্সিকোৰ এদল বিজ্ঞানীয়ে ইয়াক আৱিষ্কাৰ কৰিছিল। তেতিয়াৰ পৰাই জ্যোতির্বিজ্ঞানীসকলে এই বিশাল আকাৰৰ গ্রহাণুটোক নিৰীক্ষণত ৰাখিছিল। সচৰাচৰ এই ধৰণৰ গ্রহাণুৰ স’তে পৃথিৱীৰ সংঘৰ্ষৰ সম্ভাৱনা যথেষ্ট কম। যদিও কেতিয়াবা কেতিয়াবা আন গ্রহৰ স’তে মহাকর্ষণৰ টানত কোনাে গ্রহাণু হঠাৎ পৃথিৱীৰ বহু সমীপলৈ গুচি আহে।

অৱশ্যে সম্প্রতি আহি থকা গ্রহাণুটোৰ স’তে পৃথিৱীৰ দূৰত্ব ১.৩ এষ্ট্রনমিকেল মাইলৰ ভিতৰত থকাত ইয়াক ‘নিয়েৰ আৰ্থ এষ্টৰয়ড’ বা ‘এনইএ’ বুলি গণ্য কৰা হৈছে। ফলত ইয়াৰ ওপৰত বিজ্ঞানীসকলে আৰম্ভণিৰ পৰাই বিশেষভাৱে দৃষ্টি ৰাখিছিল। উল্লেখ্য যে এই ধৰণৰ আগন্তুক গ্রহাণু অতীতত বহুবাৰ পৃথিৱীত আচাৰ খাই পৰিছেহি আৰু পৃথিৱীৰ বিৱৰ্তনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।ঐতিহাসিক যুগত পৃথিৱীৰ বুকুত ৰাজত্ব কৰা ডায়ন’ছ’ৰৰ বিলুপ্তিৰ অন্তৰালতাে এই ধৰণৰ মহাজাগতিক বস্তু আহি পৃথিৱীত আচাৰ খাই পৰাকে কাৰণৰূপে দাবী কৰে বিজ্ঞানীসকলে। সাম্প্রতিক অতীতত বহুবাৰেই গ্রহাণুৰ স’তে পৃথিৱীৰ সংঘৰ্ষৰ ফলত মানৱ সভ্যতা ধ্বংস হােৱাৰ নানা জল্পনা আৰু গুজৱ সৃষ্টি হৈ আহিছে।

Exit mobile version