অভিশপ্ত বৃহস্পতিবাৰ

IMG 20201126 WA0008

ডিব্ৰুগড়ৰ প্ৰেছ ক্ৰেকাৰ সমীপৰ লেপেটকটাত আজি পুৱা সংঘটিত দুৰ্ঘটনাৰ ফলত পাঁচজন কৈ জ্যেষ্ঠ ভকত থিতাতে নিহত হোৱাৰ খবৰে জিলাখনত শোকৰ ছাঁ পেলাইছে। ধেমাজিৰ পৰা বিবাহ সম্পন্ন কৰি কইনা লৈ কুটুহাৰ সমীপৰ ভগামুখৰ দৰা ঘৰলৈ ঘূৰি অহাৰ সময়ত সংঘটিত কৰুণ ঘটনাটোত আন তিনিজনক সংকট জনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পুনৰ এজনৰ মৃত্যু ঘটে । উক্ত ঘটনাটোত চালকসহ ছয়জনকৈ লোকৰ মৃত্যু হয়। ঘৰৰ সন্মুখত থকা বুঢ়ীদিহিং নৈ পাৰত দাও দাওকৈ জ্বলি উঠা পাঁচখনকৈ চিতা । শোকত মৃয়মান কাষৰীয়া সকলো গাঁওবাসী । ভগামুখৰ গাঁৱত এতিয়া কোনেও কাৰো মুখলৈ চাই সান্তনা দিব নোৱাৰা পৰিৱেশ বিৰাজমান ।

মৰাণ বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং নৈৰ কাষৰীয়া গাঁৱৰ নিৰ্বাসী প্ৰফুল্ল ভূঞা কইনা ঘৰৰ পৰা বৰযাত্ৰী দলটোৰ লগত ট্ৰেভেলাৰ আৰু তিনিখন সৰু গাড়ীৰে দৰা ঘৰলৈ উভতিছিল দলটোৰ ভকত সকলৰ সৈতে মুঠ আঠজন সুকীয়াকৈ উঠি অহা এ এছ-০৬ এ চি-৮৭৭৩ বলেৰ গাড়ীখন প্ৰকাশজ্যোতি দাস নামৰ আশা পুৰৰ চালক জনে চলাইছিল । তীব্র বেগত আহিছিল গাড়ীখন আৰু গাড়ীত উঠি অহা যাত্ৰীয়ে দাসক বাধা প্ৰদান কৰিছিল যদিও বাধা মনা নাছিল দাসে এই কথা প্ৰকাশ কৰে আঘাতপ্ৰাপ্ত যাত্ৰীয়ে।

ঘন কুঁৱলিৰ মাজতে তীব্র বেগত আহি থকা বলেৰ খনে লেপেটকতাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে বলড্ৰেজাৰ তুলি থোৱা এখন বিশাল ট্ৰেলাৰখনত খুন্দা মাৰে । ট্ৰেলাৰখনৰ পিছফালে তলত বলেৰ খনৰ আধা অংশ সোমাই যায় । লগে লগে পাঁচজনকৈভকত ক্ৰমে হেম বৰা(৬৫), মদন বৰা (৫৫), জীৱকান্ত শইকীয়া(৫২), কন পাই ভূঞা(৬০), দেৱ বৰা(৬৫), আৰু চালক প্ৰকাশজ্যোতি দাস থিতাতে নিহত হয়।পোৱাল শইকীয়া(৫৫) আৰু প্ৰবীণ বৰা (৩৫) নামৰ ভগামূৰৰ দুজন লোক সম্প্ৰতি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে ।

আনহাতে ইয়াৰে প্ৰবীণ বৰা ভাৰতীয় সেনা বাহিনীৰ জোৱান বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে । আজি আটাইকেইজন লোকৰ মৃতদেহ মোৰণোত্তৰ পৰীক্ষাৰ পিছতে গতাই দিয়া হয় পৰিয়ালক । মৃতদেহ পৰিয়াল সমূহে গ্ৰহন কৰাৰ পিছতে ৰাজহুৱা ভাবে একেলগে বুঢ়ীদিহিংৰ পাৰত সতকাৰ কৰে । শোকাকুল পৰিবেশৰ গাঁও খনত উপস্থিত হয় মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ।

Exit mobile version