আজিও সযতনে ৰাখিছে গগৈয়ে দৰমহা লৈ চহী কৰা বহী

tarun feat

সদ্যপ্রয়াত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰদেহ অৱশেষত পঞ্চভূতত বিলীন হ’ল; কিন্তু অসমৰ চুকে-কোণে তেওঁৰ স্মৃতি আজিও ৰৈ গল। মৰিয়নিৰ আগৰৱালা স্কুল’ নামেৰে জনাজাত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স’তেও স্মৃতি বিজড়িত হৈ আছে প্রাক্তন মুখ্যমন্ত্রী গগৈৰ। এসময়ত তেওঁ শিক্ষকতা কৰিছিল শিক্ষানুষ্ঠানত। তেতিয়া মৰিয়নি হাইস্কুল নামেৰে থকা এই বিদ্যালয়খনত তেওঁ ১৯৫৮-১৯৫৯ত শিক্ষকতা কৰি তেওঁৰ সান্নিধ্য পােৱা দুজনমান ব্যক্তিয়ে উল্লেখ কৰা মতে, গগৈৰ ৰঙাজানৰ নিজা ঘৰৰ পৰা চাইকেল লৈ আহিছিল। চাইকেল চিনামৰাত থৈ তাৰ পৰা বাছ বা অন্য গাড়ীত উঠি স্কুলত শিক্ষকতা কৰিবলৈ মৰিয়নিলৈ আহিছিল।তেতিয়া স্কুলৰ তৰফৰ পৰা তেওঁক দৰমহা হিচাপে এশ টকা দিয়া হৈছিল। সেই সময়ত এশ টকাৰ মূল্য বহুত বেছি আছিল। বিদ্যালয়খনত তেওঁ দৰমহা লৈ ‘ৰেভিনিউ ষ্টাম্প’ৰ ওপৰত চহী কৰা বহী আজিও বিদ্যালয়খনত সযতনে ৰাখিছে বিদ্যালয় কর্তৃপক্ষই।প্রয়াত তুৱাৰাম দত্তৰ লগতে বহুকেইজন মৰিয়নিৰ বিশিষ্ট ব্যক্তিয়ে গগৈক মৰিয়নিলৈ শিক্ষকতা কৰিবলৈ মাতি আনিছিল।কিন্তু কিছুদিন শিক্ষকতা কৰাৰ পাছতে তেওঁ আইন পঢ়িবলৈ যােৱাত শিক্ষকতাৰ জীৱনৰাে সামৰণি পৰে।

তাৰ পাছত বহুকেইজন বিদ্যালয়ৰ প্ৰধান আহিল যদিও তেওঁ ৰেভিনিউ ষ্টাম্প’ত চহী কৰি দৰমহা লােৱা বহীখন আজিও সযতনে আছে। যােৱা ২০১৮ত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্র-ছাত্রী সন্মিলনত প্রাক্তন শিক্ষক হিচাপে অংশগ্রহণ কৰিছিল আৰু প্রাক্তন মুখ্যমন্ত্রীজনক সম্বর্ধনাও জনােৱা হৈছিল। উক্ত অনুষ্ঠানতে তেওঁ পুৰণি স্মৃতি ৰােমন্থন কৰি বক্তব্য প্রদান কৰিছিল। তেওঁৰ মৃত্যুত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী, ছাত্র -ছাত্রীসকলে শােক প্রকাশ কৰিছে। ইতিমধ্যে বিদ্যালয়খনত এক শােকসভা অনুষ্ঠিত কৰি তেওঁৰ আত্মাৰ সদগতিৰ অৰ্থে প্রার্থনা জনােৱা হয়। বিদ্যালয়খনৰ অধ্যক্ষা স্মৃতিৰেখা ফুকনে উল্লেখ কৰা মতে গগৈৰ প্রতি শ্রদ্ধা জনাই তেওঁৰ স্মৃতিত এক সৰু পুস্তিকা প্রকাশ কৰাৰ লগতে বিদ্যালয়খনৰ আলােচনী ‘পৰাগৰ পৰৱৰ্তী সংখ্যা তৰুণ গগৈৰ নামত উছৰ্গা কৰা হ’ব। এই কথা ইতিমধ্যে বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ড° ভূপেন্দ্র নাথ গােস্বামীয়েও উল্লেখ কৰিছে।

বিদ্যালয়খনৰ প্ৰাক্তন ছাত্র-ছাত্রী সন্মিলনৰ সভাপতি অনিল বৰা আৰু সম্পাদক মনােজ কুমাৰ শৰ্মাই সকলাে প্রাক্তন ছাত্র-ছাত্রীৰ হৈ প্রয়াত শিক্ষাগুৰুজনৰ মৃত্যুত শােক প্রকাশ কৰিছে। উল্লেখ্য যে মৰিয়নিৰ স’তে তেওঁৰ সম্পৰ্ক আছিল বহু পুৰণি। এই একেখন বিদ্যালয়তে অনুষ্ঠিত মৰিয়নি জিলা কর্মচাৰী পৰিষদৰ অধিবেশনৰ মুকলি সভাতে অংশগ্রহণ কৰিছিল গগৈয়ে। আনহাতে, মুখ্যমন্ত্রী হিচাপে মৰিয়নিৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়, মৰিয়নি পৌৰসভাৰ কার্যালয় আৰু উন্নয়ন ভৱন, গ্রেটাৰ চেলেং পানী যােগান প্রকল্প, যােৰহাট মৰিয়নি পথ বহলীকৰণ আৰু পুনর্নিমাণ আদি কামৰ আধাৰশিলা স্থাপন কৰিছিল।

তদুপৰি গগৈয়ে মৰিয়নিৰ অগ্নিনির্বাপক বাহিনীৰ কেন্দ্র, গড়কাপ্টানী বিভাগৰ অতিথিশালা আদিৰ দ্বাৰ মুকলি কৰিছিল। আনহাতে, তৃতীয়বাৰলৈ মুখ্যমন্ত্রী হােৱাৰ পাছত প্রথম সম্বর্ধনা অনুষ্ঠান মৰিয়নিৰ বাপুজী ষ্টেডিয়ামতে অনুষ্ঠিত কৰা হৈছিল। মৰিয়নিৰ চৈকটা চাহ বাগিচাৰ ৰাজ্যৰ ভিতৰতে প্রথম এনৰেগা আঁচনিৰ অধীনত চাহ পুলি ৰােপণৰ কামৰ আৰম্ভ কৰিছিল গগৈয়ে। চৰকাৰী কাৰ্যসূচীৰ বাদেও তেওঁ বহুবাৰ দলীয় কার্যসূচীলৈও মৰিয়নিলৈ আহিছিল। মৰিয়নিৰ ৰেল ষ্টেছনৰ পৰা কে’বাবাৰাে ৰেলযােগে বিভিন্ন ঠাইলৈ গৈছিল আৰু একাধিকবাৰ মৰিয়নিত ৰেলযােগে আহি উপস্থিত হৈছিলহি। তেওঁৰ মৃত্যুত স্বাভাৱিকতে মৰিয়নিবাসীও স্রিয়মান হৈ পৰিছে। আজি শেষকৃত্য সম্পন্ন হােৱাৰ দিনা মৰিয়নিৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰা হয়।

Exit mobile version