ব্ৰিটিছ ৰাজপৰিয়ালৰ পৰম্পৰা ভাঙিলে বোৱাৰী মেগানে

pic 1

সন্তান হেৰুৱাৰ যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈছে ব্ৰিটিছ ৰাজপৰিয়ালৰ সদস্য মেগান মাৰ্কৈলে । এই কথা ৰাজহুৱা কৰিছে স্বয়ং ৰাজকুমাৰ হেৰীৰ পত্নীগৰাকীয়ে । গৰ্ভপাতক লৈ পশ্চিমৰ দেশসমূহত তীব্ৰ বিতৰ্ক অব্যাহত থকাৰ পাছতো অৱশ্যে নিদাৰুণ যন্ত্ৰণা হসহ্য কৰি থকা মহিলাসকলেও মুখ খোলাৰ পৰা বিৰত আছে । এইবাৰ এনে মহিলাসকলকে উৎসাহ যোগাই নিজৰ অভিজ্ঞতা সদৰী কৰিলে মেগানে । শেহতীয়াকৈ’দ্য নিউয়ৰ্ক টাইমছত’ ডাচেচ্ছ অব ছাছেক্স মেগানৰ দ্বাৰা লেখা এক প্ৰতিবেদন প্ৰকাশ পাইছে । ইয়াতেই নিজৰ অভিজ্ঞতাৰ কথা তেওঁ মুকলিভাৱে প্ৰকাশ কৰিছে । মেগানে জনোৱা অনুসৰি, কৰ’নাৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ সময়তে ব্যক্তিগত জীৱনত বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় তেওঁ ।

যোৱা জুলাইৰ এটি পুৱাত হঠাতে গৰ্ভপাত হৈ যায় মেগানৰ। এই সন্দৰ্ভত মেগানে কয়, ‘পুত্ৰ আৰ্চিৰ ডায়পাৰ পৰিৱৰ্তন কৰি আছিলো সেই সময়ত । হঠাতে তল পেটত অসহ্যকৰ যন্ত্রণা আৰম্ভ হয়।আর্চিক কোলাত লৈ থকা অৱস্থাতে মই মাটিত পৰি যাওঁ। সেই সময়তাে গান গাই নিচুকাই আছিলাে পুত্রক; কিন্তু বুজিব পাৰিছিলাে সকলাে সঠিকভাৱে আগবঢ়া নাই। নিজৰ প্রথম সন্তান হাতত থকা অৱস্থাতে বুজিব পাৰিছিলাে মােৰ দ্বিতীয় সন্তানক হেৰুৱাই পেলাইছাে বুলি। ঘটনাটো জানিব পাৰি ৰাজকুমাৰ হেৰী হতাশাত ভাঙি পৰিছিল। তথাপি ধৈর্যসহকাৰে পত্নীক হাস্পতাললৈ লৈ যায় হেৰীয়ে। দুয়ােৱে চিন্তা কৰিছিল কিদৰে এই যন্ত্রণাৰ পৰা ওলাই আহিব পাৰি।

অৱশ্যে হাস্পতালত দুয়াে বুজিব পাৰিছিল যে এশগৰাকী মহিলাৰ ভিতৰত ১০ৰ পৰা ২০ গৰাকীয়ে এনে যন্ত্রণাৰ সন্মুখীন হ’বলগীয়া হৈছে জীৱনত। ২০১৯ৰ ছয় মে’ত প্রথমবাৰ মাতৃ হৈছিল মেগান। পুত্র।আৰ্চিৰ বর্তমান ডেৰ বছৰ বয়স।অৱশ্যে জুলাইত গর্ভপাত হােৱাৰ সময়ত কেইমাহৰ গৰ্ভৱতী আছিল সন্তান সম্ভৱা মহিলাৰ ক্ষেত্রত প্রথম দুই-তিনি মাহ অত্যন্ত বিপদসংকুল হয়।এনে দৃষ্টিৰে মেগানে দুই-তিনি মাহৰ গৰ্ভৱতী আছিল বুলি ধাৰণা কৰা হৈছে।২০১৮ত হেৰী আৰু মেগানৰ বিবাহ সম্পন্ন হৈছিল। চলিত বৰ্ষৰ আৰম্ভণিতে দুয়াে ৰাজপ্রাসাদ ত্যাগ কৰিছিল।হাস্পতালত দুয়াে বুজিব পাৰিছিল যে এশগৰাকী মহিলাৰ ভিতৰত ১০ৰ পৰা ২০ গৰাকীয়ে এনে যন্ত্রণাৰ সন্মুখীন হ’বলগীয়া হৈছে জীৱনত। ২০১৯ৰ ছয় মে’ত প্রথমবাৰ মাতৃ হৈছিল মেগান। পুত্র আৰ্চিৰ বর্তমান ডেৰ বছৰ বয়স অৱশ্যে জুলাইত গর্ভপাত হােৱাৰ সময়ত কেইমাহৰ গৰ্ভৱতী আছিল সন্তান সম্ভৱা মহিলাৰ ক্ষেত্রত প্রথম দুই-তিনি মাহ অত্যন্ত বিপদসংকুল হয়।এনে দৃষ্টিৰে মেগানে দুই-তিনি মাহৰ গৰ্ভৱতী আছিল বুলি ধাৰণা কৰা হৈছে।

২০১৮ত হেৰী আৰু মেগানৰ বিবাহ সম্পন্ন হৈছিল। চলিত বৰ্ষৰ আৰম্ভণিতে দুয়াে ৰাজপ্রাসাদ ত্যাগ কৰিছিল।সেই বিষয়ে কোনাে কথা তেওঁ উল্লেখ কৰা নাই। সন্তান সম্ভৱা মহিলাৰ ক্ষেত্ৰত প্ৰথম দুই-তিনি মাহ অত্যন্ত বিপদসংকুল হয়। এনে দৃষ্টিৰে মেগানে দুই-তিনি মাহৰ গৰ্ভৱতী আছিল বুলি ধাৰণা কৰা হৈছে। ২০১৮ত হেৰী আৰু মেগানৰ বিবাহ সম্পন্ন হৈছিল।চলিত বৰ্ষৰ আৰম্ভণিতে দুয়াে ৰাজপ্রাসাদ ত্যাগ কৰিছিল। প্রথমে কানাডাত থকাৰ সিদ্ধান্ত লৈছিল যদিও অৱশেষত কেলিফর্ণিয়াত বসবাস কৰিবলৈ লৈছে। ব্রিটিছ ৰাজপৰিয়ালৰ ৰক্ষণশীলতাৰ বাবেই দুয়াে ৰাজপ্রাসাদ এৰিলে বুলি গুজব উঠিছিল। ৰাজপৰিয়ালে ব্যক্তিগত বিষয়বিলাক সাধাৰণতে ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে।গর্ভপাতৰ প্ৰসংগৰে মেগানে ৰাজপৰিয়ালৰ পৰম্পৰাকে ভংগ কৰিলে। অৱশ্যে হেৰীৰ মােমায়েক চার্লছ স্পেন্সাৰে এই ঘটনাৰ বাবে দুয়ােকে সমবেদনা জনাইছে।

Exit mobile version