সদ্য প্ৰকাশিত ভোটাৰ খচৰা তালিকাত চৰম বিসংগতি

a828dc6d f4c7 45c9 96f1 ce9852dc2ebb

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়া সমষ্টিৰ সদ্য প্ৰকাশিত ভোটাৰ তালিকাত দেখা গৈছে চৰম বিসংগতি। ২০১৭ চনৰ পৰা ২০২০ চনলৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ ২২৯ জনকৈ ভি এল অৰ মাধ্যমত হাজাৰ হাজাৰ প্ৰাপ্ত বয়ষ্ক নাগৰিকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছিল যদিও অন্তৰ্ভুক্ত হোৱা নাই নতুন ভোটাৰৰ নাম। ভি এল অ সকলে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত দাখিল কৰিছিল এই আবেদন সমূহ। কোনো এগৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভূক্ত নোহোৱাত আজি ১০ মাহ পাছত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা ভি এল অ সকলক আবেদন পত্ৰ সমূহ ঘূৰাই দিয়া দেখা গৈছে।

প্ৰাপ্ত অভিযোগ মতে বৰপেটা নিৰ্বাচন কাৰ্যালয়ৰ লগত যোগাযোগ কৰি দুই-এজনে নতুন ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা বুলি অভিযোগ পোৱা গৈছে। বৰপেটা জিলা নিৰ্বাচনী কাৰ্যালয়ৰ ঠিকা ভিত্তিক কৰ্মচাৰী অলকেশ ভূঞাই গোপন লেনদেনত এই নতুন ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। এই বিসংগতি সন্দৰ্ভত কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয় সহায়ক গোপাল বায়নে নিৰপেক্ষ তদন্ত কামনা কৰিছে।

ইপিনে চি পি আই (এম) আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন কলগাছিয়া আঞ্চলিকৰ পক্ষৰ পৰা ষড়যন্ত্ৰ মূলক ভাবে কৰ্তন কৰা পুৰণি ভোটাৰৰ নাম বাহাল ৰখা আৰু বৈধ আবেদন কাৰীৰ নাম নতুন তালিকাত যুক্ত কৰাৰ লগতে অভিযুক্ত অলকেশ ভূঞাৰ বেংক একাউণ্ট তদন্ত কৰি অভিযোগ প্ৰমাণিত হ’লে যথাযথ শাস্তি বিহিবলৈ দাবী জনায়। উল্লখ্য যে, জনীয়া সমষ্টিৰ লগতে বৰপেটা জিলাৰ বিভিন্ন সমষ্টিত এই বিসংগতি দেখা দিছে। একাংশ ৰাইজৰ মতে সংখ্যালঘু ৰাইজক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে ষড়যন্ত্ৰ মূলক ভাৱে এই বিসংগতি সৃষ্টি কৰা হৈছে বুলি উল্লেখ কৰে। খচৰা ভোটাৰ তালিকাত নাম উপাধিৰ ক্ষেত্ৰতো দেখা গৈছে বিয়াগোম বিসংগতি পৰিলক্ষিত হৈছে।

Exit mobile version