অৱশেষত কৃষকৰ প্ৰতিবাদী দলক দিল্লীত প্ৰৱেশৰ অনুমতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ

0isgfh5g delhi chalo farmers protestnov

কৃষি আইনৰ বাতিলৰ দাবীত হোৱা প্ৰতিবাদী কাৰ্যসূচীত ৰাজপথলৈ ওলাই আহে হেজাৰ হেজাৰ কৃষক । কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দেশৰ কৃষকসকলে গ্ৰহণ কৰে ‘দিল্লী চালো’ কাৰ্যসূচী । বুধবাৰৰ পৰা আৰম্ভ হয় এই কাৰ্যসূচী । কৃষি প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি কৃষক আৰু আৰক্ষীৰ মাজত হয় যুদ্ধ সদৃশ পৰিৱেশ । ইয়াৰ পাছতে নিৰাপত্তা আৰক্ষীয়ে কৃষকৰ দলক বাধা প্ৰদান কৰিবলৈ নিক্ষেপ কৰে জলবোমা আৰু কন্দুৱা গেছ। কৃষকৰ এই কাৰ্যসূচীৰ ফলত দিল্লী-গুৰুগ্ৰামত সৃষ্টি হয় যান-জতৰ সমস্যা ।

দিল্লীৰ সীমান্তবৰ্তিত মেট্ৰ ‘ষ্টেচনসমূহ বন্ধ কৰাৰ ঘোষণা চৰকাৰৰ । নিখিল ভাৰতৰ কিষান সংঘৰ্ষৰ সম্বন্ধীয় প্ৰতিবাদী কৃষকসকলে দিল্লী সংযোগী পাঁচটা ঘাইপথেৰে ‘দিল্লী চালো’ কাৰ্যসূচী লয়। দিল্লীৰ সীমান্তত প্ৰৱেশ কৰিবলৈ হেজাৰ হেজাৰ কৃষক উপস্থিত হৈছে দিল্লীৰ বিভিন্ন এলেকাত। প্ৰতিবাদী দলক বাধাৰ উদ্দেশ্যে বৃহৎ সংখ্যক নিৰাপত্তা আৰক্ষী মোতায়েন কৰা পৰিলক্ষিত হয় ।

দিল্লী আৰক্ষীয়ে অৰবিন্দ কেজৰিৱাল চৰকাৰ পৰা নখন ষ্টেডিয়াম অস্থায়ী কাৰাগাৰলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে অনুমতি বিচাৰিছিল আৰু সেই অনুমতি অস্বীকাৰ কৰে চৰকাৰে ।কৃষকৰ প্ৰতিবাদী দলক ৰাজধানীত প্ৰৱেশৰ অনুমতি প্ৰদানৰ পাছতে টিক্ৰিৰ দিশেৰে পাঁচ হেজাৰ কৃষক। কৃষক নেতা নৰেন্দ্ৰ সিং তামৰে জানিব দিয়া মতে, কেন্দ্ৰীয় চৰকাৰে ৩ ডিচেম্বৰত কৃষকসকলৰ লগত আলোচনাত মিলিত হ’ব । দিল্লীত প্ৰতিবাদী কৃষকসকলক প্ৰৱেশৰ বাবে অনুমতি দিয়া ক্ষেত্ৰত আদৰণি জনাই পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে । অৱশেষত শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী পালন কৰিবলৈ অনুমতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ ।

Exit mobile version