শালবাৰীৰ শিমলাত গণ সুৰক্ষা পাৰ্টিৰ গণ সমাবেশ

b7f4967a 2d4f 4575 8b3f ecd557870360

বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহে তীব্রতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। বাক্সা জিলাৰ শালবাৰীৰ শিমলাত যোৱা শনিবাৰে ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী মৃদুল দাসৰ সমৰ্থনত এক গণসমাবেশ অনুষ্ঠিত হয়। গণ সমাবেশত উপস্থিত থাকি প্ৰাৰ্থী মৃদুল দাসৰ মন্তব্য“ বিটিচিত এইবাৰ অনাবড়ো লোক সকলে গণ সুৰক্ষা পাৰ্টিক ভোট নিদিয়াৰ কোনো গত্যন্তৰ নাই৷ বিটিচিত জাতি, মাটি, ভাষাক সুৰক্ষা দিব লাগিলে অনাবড়ো লোক সকলে গণ সুৰক্ষা পাৰ্টিক জয়যুক্ত কৰিবই লাগিব৷বিটিচি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টিয়ে ৩০ খনকৈ আসন নিশ্চিত ভাবে লাভ কৰি এইবাৰ বিটিচি পৰিষদ গঠন কৰিব৷

বিপিএফ অথবা ইউ পি পি এল দুয়োটা দলেই বিটিআৰ চুক্তিকাৰী বুলি কঠোৰ সমালোচনা কৰি গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী মৃদুল দাসে কয়, ডাক বিভাগে চাকৰিৰ বাবে দিয়া বিজ্ঞাপনত বড়ো মাধ্যম বাধ্যতামূলক কৰি বিটিচিত বসবাস কৰা অনাবড়ো লোক সকলক বঞ্চিত কৰিছে। ইয়াক আমি কোনো পধ্যেই সহ্য নকৰিম৷ ইয়াৰ পূৰ্বেও আমি বিভিন্ন আন্দোলন তথা প্ৰতিবাদ জনাই এইটো বন্ধ কৰিছিলো। এইবাৰো অনাবড়ো যুৱক যুৱতী সকল আবেদনৰ পৰা বঞ্চিত হ’লে তীব্র ভাবে গণতান্ত্রিক আন্দোলন কৰিবলৈ বাধ্য হ’ম৷” বিশিষ্ট উদ্যোগপতি হেমপ্ৰভা দেৱীয়ে তেজস্বী ভাষণ প্ৰদান কৰা গণ সমাবেশত বিশিষ্ট যাদুকৰ বিক্ৰম সিং, অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা সৰ্বেশ্বৰ ডেকা, ককলাবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টি সমিতিৰ সভাপতি সোনেশ্বৰ দাস, গণ সুৰক্ষা পাৰ্টিৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি সোণাৰাম দাস আদি কৰি কেবাগৰাকী দলীয় নেতাই ভাগ লয়৷

Exit mobile version