বিটিচিৰ নির্বাচনী প্রচাৰত ৰাজ্যৰ বিত্ত-স্বাস্থ্য-শিক্ষা মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাক যুদ্ধৰ শালীনতাৰ সীমা চেৰাইছে৷ এজনে আনজনক মেকুৰী, বান্দৰ, চোৰ, ডকাইত আদি বিশেষণেৰে অভিহিত কৰি আছে৷ তেওঁলােকৰ এনে ভাষাই একাংশ ৰাইজক আমােদ দিছে যদিও সচেতন ৰাইজে বিষয়টোক ভালদৰে লােৱা নাই৷ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্রামা মহিলাৰীৰ এনে যুদ্ধ অব্যাহত থকা সময়ত আজি মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই হাগ্রামা মহিলাৰীক এবাৰ সিংহ আৰু এবাৰ ঘৰিয়ালৰ লগত তুলনা কৰি ভাষণ আগবঢ়ালে ।
বিটিচিৰ তিনি নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ নির্দলীয় প্রার্থী সঞ্জীৱ দত্তৰ সমৰ্থনত মৰনৈ চাহ বাগিচাৰ খেল পথাৰত আয়ােজিত এখন সভাত মন্ত্রী শৰ্মাই কয়, ‘দিল্লী-দিছপুৰৰ পৰা বিটিচিৰ উন্নয়নৰ বাবে আবন্টন কৰা টকাৰ সৰহভাগ কোকৰাঝাৰত হাগ্ৰামা নামৰ সিংহজনে গােগ্রাসে খাই পেলোৱাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি বিটিচিত সঠিকভাৱে ৰূপায়ন হােৱা নাই । কাৰণ, দিল্লীত মােদী দিছপুৰত মােদী আৰু কোকৰাঝাৰত হাগ্ৰামা । দিল্লী দিছপুৰৰ পৰা অহা টকা-পইচা হাগ্ৰামাই ঘৰিয়ালৰ দৰে খাই পেলায়৷ যাৰফলত অসমত যি হাৰত উন্নয়ন হৈছে বিটিচিত হােৱা নাই । হাগ্ৰামাৰ ভিচিডিটিৰ সভাপতিসকল টকা খাই খাই হাতীৰ নিচিনা হৈছে। বিজেপি চৰকাৰ গঠন কৰিলে ভিচিডিচি সমূহক ব্ৰহ্মপুত্ৰত দলিয়াই পেলােৱা হ’ব । ৰাইজে যদি দিল্লী দিছপুৰৰ নিচিনা কোকৰাঝাৰতো উন্নয়ন বিচাৰে মােদীৰ শাসন আনিব লাগিব ৷’
চাহ বাগিচাৰ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা, সমাধানৰ বাবে তেওঁ প্রতিশ্রুতিৰ বন্যা বােৱাই দি ভাষণত আৰু কয় মৰনৈ চাহ বাগিচাত এখন উচ্চতৰ মাধ্যমিক স্কুল, শ্ৰীৰামপুৰ সমষ্টিত এখন কলেজ, চিকিৎসালয় স্থাপন কৰা হ’ব । পাছত উক্ত সমষ্টিৰ কংগ্ৰেছ প্রার্থী সজল কুমাৰ সিংহক টার্গেট কৰি তেওঁ কয় ‘শুনিছাে সজল সিংহই ৰাইজক বহু টকা পইচা দি আছে৷ তেওঁ যদি পইচা দিছে পইচাটো খাই দিয়ক কিন্তু ভােট আমাৰ সমর্থিত প্রার্থীকে দিব’ বুলি ৰাইজক আহ্বান জনায়৷






























