অসম চৰকাৰৰ আনটাইড পুঁজিৰ ধনেৰে খেৰণিৰ চেংবং লাংকিন্দু অক্লামত মুকলি প্ৰেক্ষাগৃহৰ আধাৰশিলা-লাইখুটা স্থাপন

WhatsApp Image 2020 11 29 at 5.32.00 PM

পশ্চিম কাৰ্বি-আংলঙৰ খেৰণিৰ চেংবং লাংকিন্দু অক্লামত আজি ২০ নম্বৰ বৈঠালাংছ বিধানসভা সমষ্টিৰ বিধায়ক ড° মানছিং ৰংপিয়ে আনুষ্ঠানিকভাৱে স্থাপন কৰে এটি মুকলি প্ৰেক্ষাগৃহ নিৰ্মাণৰ আধাৰশিলা আৰু লাইখুটা । উল্লেখযোগ্য যে, অসম চৰকাৰৰ ২০১৯-২০ বৰ্ষৰ আনটাইড পুঁজিৰ ধনেৰে অর্থাৎ আৱন্টিত ৫০ লাখ টকা ব্যয়েৰে প্ৰেক্ষাগৃহ নিৰ্মাণৰ কামকাজ আজিৰে পৰা শুভাৰম্ভ হয়।

গুৰুত্বপূৰ্ণ যে উল্লেখিত স্থানত প্ৰতি বছৰে জেংখা মাণ্ডলীক কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত মাণ্ডলীক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত তথা আয়োজন কৰি আহিছে অঞ্চলটোৰ ৰাইজ আৰু জেংখা মাণ্ডলীক কাৰ্বি সাংস্কৃতিক সমাজে। আজি বিধায়কগৰাকীয়ে এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ আনটাইড পুঁজিৰ ধনেৰে উক্ত স্থানত ইতিমধ্যে স্থাপন হৈ থকা মুকলি মঞ্চৰ সন্মুখত সংলগ্নভাৱে আন এটি নতুন মুকলি প্ৰেক্ষাগৃহ নিৰ্মাণৰ সিদ্ধান্তৰে প্ৰেক্ষাগৃহ নিৰ্মাণৰ আধাৰশিলা-লাইখুটা স্থাপন কৰে ।

অনুষ্ঠানখনত বিধায়ক ৰংপিৰ উপৰিও জেংখা মাণ্ডলীক কাৰ্বি সাংস্কৃতিক সমাজৰ বিষয়ববীয়া, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, শিক্ষক, ভূমি দান কৰা দাতা, গাওঁবুঢ়া, গাওঁৰক্ষী বাহিনীৰ বিষয়ববীয়াৰ লগতে ভালে সংখ্যক স্থানীয় লোক উপস্থিত থাকে।

Exit mobile version