‘দিল্লী চলো’ প্ৰতিবাদী কাৰ্যসূচীৰ চতুৰ্থ দিন

farmer protest1

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে চলি থকা ‘দিল্লী চলো’ প্ৰতিবাদী কাৰ্যসূচীৰ আজিৰ চতুৰ্থ দিন । কে’বাখনো ৰাজ্যৰ কৃষকে মিলি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে । যোৱা দুদিন ধৰি চলি থকা আৰক্ষীবাহিনী আৰু কৃষকৰ মাজত হোৱা সংঘৰ্ষৰ অন্তত অৱশেষত প্ৰতিবাদী কৃষকসকলক প্ৰশাসনে দিয়া স্থানত শান্তিপূৰ্ণভাৱে আন্দোলন কৰিব পাৰিব বুলি অনুমতি দিয়ে । ভাৰতীয় কিষাণ ইউনিয়নৰ সাধাৰণ সম্পাদক হৰিন্দৰ সিঙৰ মন্তব্য সিংঘু টিক্ৰিত থাকিয়ে প্ৰতিবাদী কাৰ্যসূচী চলায় যাব । ইফালে পঞ্জাৱ ,হাৰিয়ানা মধ্যপ্ৰদেশকে ধৰি কে’বাখনো ৰাজ্যৰ কৃষকে ট্ৰাক, ট্রেক্টৰ লৈ দিল্লীত প্ৰৱেশ কৰাৰ চেষ্টা চলোৱাত বাধা প্ৰদান আৰক্ষীৰ ।

উল্লেখযোগ্য যে প্ৰতিবাদত অংশ গ্ৰহণ কৰা ৫০০ টা সংগঠনৰ ভিতৰত পাঞ্জাৱ কিষাণ ইউনিয়নৰ ৰাজ্য সভাপতি ৰুলদু সিঙে কয়, কৃষি আইনৰ বাহিৰেও তেওঁলোকে বিদ্যুৎ সংশোধনী বিল (২০২০)খনো প্ৰত্যহাৰ কৰাটো বিচাৰে। লগতে তেওঁ কয়, আমি জানো যে চৰকাৰে আমাৰ সকলোবোৰ দাবী মানি নলয় কিন্তু ‘কৃষি আইন বাতিল কৰাটো আমাৰ প্ৰাথমিক দাবী যদি আমাৰ এই দাবী পূৰণ নকৰে তেন্তে আমি সকলো শস্য ক্ৰয়তে এম এছ টি সংযুক্ত কৰি দিম । লগতে আমি বিদ্যুৎ সংশোধনী বিল (২০২০)খনো বাতিল কৰাটো বিচাৰো ।’

শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ভিডিঅ’যোগে কৃষকসকলক উদ্দেশ্যি কয় যে, চৰকাৰে কৃষকসকলৰ সকলোবোৰ দাবী আৰু অসুবিধা বিষয়ে আলোচনা কৰিবলৈ সাজু আছে । যদি কৃষক সংগঠনসকলে তিনি ডিচেম্বৰৰ আগত আলোচনা কৰিব বিচাৰে তেন্তে কৃষকসকলে যিমান সোনকালে সম্ভৱ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ঠাইত প্ৰতিবাদ কৰিব লাগিব । কৃষকৰ প্ৰতিবাদকাৰী দলে স্থানান্তৰ কৰাৰ পিছদিনাই চৰকাৰে কৃষক দলৰ লগত আলোচনাত মিলিত হ’ব ।

Exit mobile version