প্ৰয়াত আহমেদ পাটেলৰ স্থানত কংগ্ৰেছ কোষাধ্যক্ষ পৱন বনছল

pawan kumar bansal 1606556476

আহমেদ পাটেলৰ বিয়োগৰ পাছতেই কংগ্ৰেছৰ পৰৱৰ্তী কোষাধ্যক্ষ কোন হ’ব তাক লৈ কংগ্ৰেছ দলৰ মাজত জল্পনা-কল্পনা চলি আছিল । শনিবাৰে এইআইচিচিয়ে জনাই যে, কংগ্ৰেছ দলত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনকুমাৰ বনছলক কোষাধ্যক্ষ পদত নিযুক্ত কৰা হৈছে ।

১৯৯৯ পৰা ২০১৪ লৈকে চণ্ডীগড়ৰ সাংসদ আছিল পৱন বনছল । তেওঁ চাৰিবাৰ লোকসভাত জয়ী হোৱাৰ লগতে এবাৰ পাঞ্জাৱৰ ৰাজ্যসভাতো নিৰ্বাচিত হৈছিল । পাঞ্জাৱ প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বনছল দ্বিতীয় ইউপিএ চৰকাৰৰ জলসম্পদ উন্নয়ন, সংসদীয় আৰু ৰে’লমন্ত্ৰীৰ পদত আছিল ।

শনিবাৰে বনছলে কয়, ‘কংগ্ৰেছ সভানেত্ৰী ছনিয়া আৰু ৰাহুলক মই কৃতজ্ঞতা জনালো । তেওঁলোকে মোক যি দায়িত্ব দিছে, সেয়া মই সৰ্বশক্তিৰে পালন কৰিবলৈ চেষ্টা কৰিম ।’

২০১৩ ৰ মে’ত বনছলৰ ভাগিন বিজয় সিংলাৰ নাম দুৰ্নীতিৰ লগত জড়িত হোৱাৰ পাছতে মন্ত্ৰীজনে ৰে’লমন্ত্ৰী পদৰ পৰা ইস্তিফা দিয়ে । চিবিআই-এ অভিযোগ কৰিছিল, উৎকোষৰ বিনিময়ত ৰে’লৰ অধিকাৰীসকলৰ পদোন্নতি আৰু প’ষ্টিঙৰ ব্যৱস্থা কৰিছিল বনছলৰ ভাগিনে । পূৰ্বতে এআইচিচিৰ মুখপাত্ৰ আৰু গৱেষণা চেলৰ প্ৰধানৰ দায়িত্বত আছিল পৱন বনছল।

Exit mobile version