বাক্সাৰ মথনগুৰি সমষ্টিত ইউপিপিএলৰ বিশাল মহিলা জনসমাৱেশ

IMG 20201129 173636

বাক্সাৰ মথনগুৰি সমষ্টিত আজি ইউপিপিএল দলৰ এক বৃহৎ মহিলা গণ সমাবৱেশ অনুষ্ঠিত হয়৷ ২০ নং মথনগুৰি সমষ্টিৰ প্ৰাৰ্থী সাহজাহান আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰি দলটোৰ কেন্দ্ৰীয় মহিলা কোষৰ সভানেত্ৰী বীণা গয়াৰীয়ে কয়, ‘বিটিআৰত বৰ্তমান কোনো অবড়ো নাই৷ সকলো অবড়ো নেতাই এতিয়া ইউপিপিএলত যোগদান কৰি আছে৷ বিজেপি, বিপিএফ সকলোৰেপৰা এতিয়া মানুহ ইউপিপিএলত আহিব লৈছে৷ ইউপিপিএলৰ উদ্দেশ্যই হৈছে সকলো জনগোষ্ঠীৰ মাজত উন্নয়নৰ ধ্বজা উৰোৱা৷ বিপিএফৰ লগত থকা মানুহখিনিয়ে কেৱল নিজে চলিবৰ বাবেহে আছে৷ টকা পইচাৰে নিজৰ ল’ৰা ছোৱালীৰ ভৱিষ্যত গঢ়িব নোৱাৰে সেইচামে৷ আমাক লাগে কেৱল শান্তি৷ এই শান্তিৰ পৰিৱেশ আনিব পাৰিব কেৱল ইউপিপিএল দলেহে৷’

 

৩০ খনতকৈ অধিক আসন লাভ কৰি ইউপিপিএলৰ চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰাৰ লগতে ভাষণ প্ৰসংগত বিপিএফ নেত্ৰী অঞ্জলি দৈমাৰীক সমালোচনা কৰি বীণা গয়াৰীয়ে কয়, ‘অঞ্জলি দৈমাৰীয়ে সভাই সমিতিয়ে কেৱল বড়োৰ ৰাজনীতিৰ কথাহে কয়৷ বিপিএফ দলে কেৱল বড়োৰ ৰাজনীতি কৰে৷ কিয়নো বৰ্তমান নিৰ্বাচনী প্ৰচাৰানুষ্ঠানত গৈ বড়ো ভাষাৰে বড়োৰ মাজত বড়োৰ স্বাৰ্থত কথা কৈ আছে বিপিএফে৷ কিন্তু ইউপিপিএলে সকলো জাতি জনগোষ্ঠীৰ কথা কৈ আছে৷ অঞ্জলি দৈমাৰীয়ে সভাবোৰত কয় যদি অনাবড়োক সুবিধা দিয়ে তেতিয়াহ’লে বড়োৰ কি লাভ হ’ব ! সেয়ে বড়োৰ ৰাজনীতি বিপিএফে কৰে৷ ইউপিপিএলে সকলো জাতি জনগোষ্ঠী একেলগে আগুৱাই যোৱাৰ কথা ভাবে৷ আমাক শান্তি লাগে আমাক সমন্বয় লাগে সেইবোৰ আমাৰ ইউপিপিএল দলে আনিব৷’

পৃথিৰাজ সন্দৰ্ভত বক্তব্য ৰাখি সভানেত্ৰী গৰাকীয়ে কয়, ‘পৃথিৰাজ এটা সৰু ল’ৰা৷ ডেকা ল’ৰা৷ সি ৰাজনীতিৰ বিষয়ে কি জানে৷ য’ত টকা পায় তাতেই যায় । পৃথিৰাজে নিজকে বড়ো বুলি কয়৷ তাৰ বহু ৰেকৰ্ড ভাইৰেল হৈ আছে৷ পৃথিৰাজে ইউপিপিএলত আহি দলটো লেতেৰা কৰিব খুজিছিল সেইবাবে তাক উলিয়াই দিয়া হ’ল৷’ জনসমাবেশখনত উপস্থিত থাকে ইউপিপিএলৰ মথনগুৰি সমষ্টিৰ প্ৰাৰ্থী ছাহজাহান আলী আহমেদ, ইউপিপিএলৰ সাংগঠনিক সম্পাদক কিৰন বড়ো, মুৰ্ছিদা বেগম, শালবাৰী জিলা সংখ্যালঘু কোষৰ সভিপতি আক্কাশ আলী, মাৰ্ক দৈমাৰী, লৱ কুমাৰ বড়ো, শেখৰ দৈমাৰী, অবিনাশ নাৰ্জাৰী, মনজিৱ মুছাহাৰীকে ধৰি অন্যান্য নেতৃবৃন্দ ৷

Exit mobile version