চিনত ব্রহ্মপুত্রৰ উপৰত নিৰ্মাণ কৰা হৈছে জলবিদ্যুৎ প্রকল্প,

Three gorges dam

চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, চীনৰ ব্ৰহ্মপুত্ৰ নদ অৰ্থাৎ ‘য়াৰলুং চেংপু’ নদীত বিশাল জলবিদ্যুৎ উৎপাদন প্ৰকল্প আৰম্ভ কৰা হৈছে চীনত । বেইজিঙৰ ১৪তম পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ অংশ হিচাপে এই প্ৰকল্প বাস্তবায়িত কৰা হ’ব । স্বাভাৱিক যে এই সিদ্ধান্তত চিন্তা বৃদ্ধি পাব ভাৰতৰ । কাৰণ নদীখনৰ সৰহভাগ সমতল ভূমিয়ে ভাৰতে দি বৈ গৈছে । ফলত নদীৰ দ্ৰুত গতিত পৰিৱৰ্তন হ’লে বা কোনো বাধাৰ সৃষ্টি হ’লে নিম্নগতিতো পৰিৱৰ্তন হ’ব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰশীল মানুহখিনি নানান সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব  চীনৰ শক্তি উৎপাদন কৰ্প’ৰেচনৰ চেয়াৰমেন জেং জিয়ানহুৱে চীনা সংবাদ সংস্থাক জনায় যে, ‘নদীৰ নিম্ন‌ গতিপথৰ আৰম্ভণিতেই এটি বিদ্যুৎ উৎপাদন প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে ।

যিটো দেশৰ একাধিক অংশৰ মূল জল সৰবৰাহ উৎস হ’ব । ই বিদ্যুৎ সৰবৰাহ আৰু দেশৰ নিৰাপত্তাটো সহায় কৰিব । চীনৰ শক্তি উৎপাদনৰ ইতিহাসত ই এক মাইলষ্ট’ন হ’ব ।’পূৰ্বতেই ভাৰতে চীনৰ চৰকাৰক নদীৰ দ্ৰুত গতিত কোনো বাধা প্ৰদান নকৰিবলৈ অনুৰোধ কৰিছিল যাতে নদীৰ নিম্ন‌ গতিত কোনো ক্ষতি নহয় । সেই বাবে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বান্ধ বনোৱা কাৰ্যই কৌতূহলৰ সৃষ্টি কৰিছে । ইয়াৰ আগতেও‌ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰকল্প নিৰ্মাণ কৰাৰ চেষ্টা কৰা হৈছিল । এতিয়া ভাৰত-বাংলাদেশৰ জল সৰবৰাহৰ কি হ’ব তাক‌ লৈয়ে চিন্তান্বিত ভাৰত ।

Exit mobile version