চৰাই ব্রত পূজাকলৈ উখল-মাখল তীর্থনগৰী হাজো

Entrance Madhab mandir

অন্যত্র বিৰল চৰাই ব্রত পূজাকলৈ আজি তীর্থনগৰী হাজোৰ বৃহত্তৰ অঞ্চলত সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশৰ । আজি আঘােণৰ পূৰ্ণিমাত নামনি অসমৰ অন্যতম লােক-উৎসৱ মহােহাে বা মহখেদা উৎসৱৰ পূর্বৰ পৰা পৰম্পৰাগতভাৱে সমগ্র হাজোৰ শিশু-কিশােৰ, ডেকা ল’ৰাহতে হাতত টাঙোন লৈ চ’ক-বজাৰ, গৃহস্থৰ ঘৰে-ঘৰে মহােহাে গীত গাই চাউল, নাৰিকল, টকা-পইচা বিচাৰি উথপথপ লগােৱাৰ সমান্তৰালভাৱে হাজোৰ কে’বাটাও অঞ্চলৰ অকুমাৰী ছােৱালীবােৰে উলহ-মালহৰে চৰাই ব্রত (চৰেবৰাত )বা চৰাই পূজা নামৰ অন্য এটি লােক-উৎসৱ পালন কৰে৷

উল্লেখযােগ্য যে, চৰাই ব্রত অথবা চৰাই পূজা উপলক্ষে হাজো অঞ্চলৰ অকুমাৰী ছােৱালীবােৰে এপষেক পূর্বৰে পৰা প্রস্তুতি চলায়৷ অকুমাৰী ছােৱালী হতে পথাৰৰ পলসুৱা মাটিৰে সৰু-সৰু চৰাই তৈয়াৰ কৰে| মাটিৰে তৈয়াৰী চৰাইবােৰ কে’বাদিন ধৰি ৰ’দত শুকুৱাই৷ ইয়াৰ পিছতে শুকুৱা চৰাইবােৰত চুন, পিঠাগুৰি, হালধি, পূৰৈ শাকৰ পকা গুটিৰ ৰস, উৰহী পাতৰ সেউজীয়া ৰঙ, চিয়াঁহী আদিৰে আটক ধুনীয়াকৈ প্রলেপ দিয়ে এনে বিভিন্ন ৰঙৰ প্ৰলেপত প্রাণ পাই উঠা মাটিৰে তৈয়াৰী চৰাইবােৰ বাহৰ শলাত সংলগ্ন কৰি এডােখৰ ঘূৰণীয়া মাটিৰ ঢিপত গুজি সজাই থৈ দিয়ে এনেদৰে প্ৰতিষ্ঠা কৰা কাৰ্য্যক হাজোৰ থলুৱা ভাষাত জুমুৰি বােলে এনে একোটা জুমুৰিত দহ-বাৰটাকৈ মাটিৰে তৈয়াৰী চৰাই সজাই ৰাখে তদুপৰি এই চৰাইবােৰক প্ৰতিষ্ঠা কৰিবলৈ বাহ, কলপুলি, ৰঙীন কাগজৰ ফুলৰ মালাৰে আটক ধুনীয়াকৈ এটি সৰু মন্দিৰত সজায় য’ত চৰাইবােৰক ভাগে-ভাগে প্রতিষ্ঠা কৰি মাংগলিক ৰীতি-নীতিৰে চাকি-বন্তি, নৈবদ্য ফল-ফুল, তামােল-পাণ আগবঢ়াই ৰঙীণ চৰাইবােৰক অকুমাৰী ছােৱালীবােৰে পূজা-সেৱা কৰে আৰু এজন ভাল দৰা পােৱাৰ কামনা কৰে|

সমগ্ৰ দিনটো উপবাসে থকাৰ অন্তত অকুমাৰী ছােৱালীবােৰে সন্ধিয়া পৰত এই উৎসৱ উলহ-মালহৰে পালন কৰে প্রতি বছৰৰ আঘােণৰ পূৰ্ণিমাৰ স্নিগ্ধ জোনাকৰ পােহৰত হাজোকে ধৰি ৰামদিয়া, কুলহাটী, ছাত্ৰশালী, মাজৰটোল, হিডালবড়ী, মনাহকুছি, সাতডলা, বাগটা, সােৱনচাহ, অভয়পুৰ,বামুন্দী, ক্ষেত্ৰীহাদিয়া অঞ্চলৰ একাংশ অকুমাৰী ছােৱালীয়ে থাপনালৈ শােভাযাত্রা উলিয়াই৷ যান্ত্রিকতাৰ ধামখুমীয়াৰ মাজতাে পূৰ্বৰ পৰম্পৰাৰে অনুস্থিত চৰাই ব্রত পূজাই সমগ্র হাজো অঞ্চলত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷

Exit mobile version