বিপিএফ দলে হতাশা গ্ৰস্থ হৈ অইন ৰাজনৈতিক দলৰ পোষ্টাৰ বেনাৰ ফালি মানুহক ভয় ভীতি কৰাৰ চেষ্টা কৰিছে

WhatsApp Image 2020 11 30 at 5.51.27 PM

চিৰাঙত ইউপিপিএল দলৰ বৃহৎ বাইক ৰেলী । দলৰ সভাপতি প্ৰমোদ বড়ো এই বিশাল মটৰ ছাইকেল ৰেলিত অংশগ্ৰহণ। প্ৰায় দহ হেজাৰ সমৰ্থকে ৰেলীত অংশ গ্ৰহন কৰে । এই বৃহৎ মটৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰি সভাপতি প্ৰমোদ বড়োৱে কয়, ‘আজি পৰিৱৰ্তন যাত্ৰাৰ অংশ হিচাপে এই মটৰ চাইকেল ৰেলীৰ জড়িয়তে বিগত দিনত বিপিএফ দলে বিটিচিত কৰি অহা দুৰ্নীতি, অপশাসন, দাদাগিৰি আদিৰ বিৰুদ্ধে ওলাই আহিবৰ বাবে আহ্বান জনোৱা হ’ল ৰাইজক । হাগ্ৰামাৰ শাসন অন্ত হৈ ইউপিপিএল দলৰ শাসন প্ৰতিষ্ঠা হ’ব । ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ বাবে ইউপিপিএল দলেই একমাত্ৰ পথ বুলি ৰাইজে আকোৱালি লৈছে। ইউপিপিএল চৰকাৰ হোৱাৰ লগে লগে সকলো দুৰ্নীতিৰ বিচাৰ হ’ব আৰু শাস্তি পাব দুৰ্নীতিবিদসকলে।’

জিলাখনৰ চাৰিটাকৈ পৰিষদীয় সমষ্টি ক্ৰমে ১৩ নং চিৰাং, ১৪ নং চিৰাং দুৱাৰ, ১৫ নং কাজলগাঁও আৰু ১৬নং নিচিমা সমষ্টিৰ প্ৰাৰ্থীৰ লগতে দহ সহশ্ৰাধিক সমৰ্থকে এই ৰেলীত অংশগ্ৰহণ কৰে।

Exit mobile version